মুখ্য-পৃষ্ঠা

সকলো ৰাজনৈতিক দললৈ নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্দেশনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হবলগীয়া নিৰ্বাচনক লৈ নিৰ্বাচনী আয়োগে জাৰি কৰিছে কেতবোৰ বিশেষ কঠোৰ নীতি-নিৰ্দেশনা। নিৰ্বাচনী আয়োগে ঘোষণা কৰা নিয়ম অনুসৰি আগন্তুক ২২জানুৱাৰী লৈকে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যত কোনোধৰণৰ ৰেলী বা ৰোড শ্ব অনুষ্ঠিত কৰিব নোৱাৰিব।

নিৰ্বাচনী আয়োগে লগতে নিৰ্দেশনা প্ৰদান কৰিছে যে, নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যকেইখনত অনুষ্ঠিত হ'বলগীয়া সভাগৃহত ৫০শতাংশ লোকহে উপস্থিত থাকিব পাৰিব। ৩০০তকৈ অধিক লোক কোনো সভাত উপস্থিত থাকিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে।