মুখ্য-পৃষ্ঠা

‘এক দেশ, এক নিৰ্বাচন’ৰ পক্ষত বিজেপি, ল’ কমিশ্যনলৈ শ্বাহৰ পত্ৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাত সহমত পোষণ কৰিছে বিজেপিয়ে। এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিষয়টো বিবেচনা কৰি থকা ল' কমিশ্যনলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰত বিজেপি নেতাগৰাকীয়ে 'এক দেশ, এক নিৰ্বাচন' অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁৰ দলৰ সমৰ্থন দিয়াৰ লগতে বিষয়টো সন্দৰ্ভত কিছু ইতিবাচক দিশ আঙুলিয়াই দিছে।

শ্বাহৰ মতে, ভাৰতত প্ৰতি ৫ বছৰৰ মূৰত লোকসভা আৰু প্ৰত্যেক বছৰে ৫-৬বাৰকৈ বিধানসভা-লোকসভাৰ খালী আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। এনে নিৰ্বাচনী প্ৰক্ৰিয়া ব্যয়বহুল আৰু দেশৰ বিষয়া-কৰ্মচাৰীৰ ওপৰত যথেষ্ট হেঁচা পৰে।

এনে ব্যয়ৰ পৰিমাণ হ্ৰাস কৰিবলৈ 'এক দেশ, এক নিৰ্বাচন' প্ৰচলন হ'ব লাগে বুলি এখন ৮পৃষ্ঠাজোৰা পত্ৰ লিখিছে অমিত শ্বাহে। লগতে তেওঁ এই সন্দৰ্ভত বিতৰ্কৰ অন্ত পেলাই এক সিদ্ধান্তলৈ আহিবলৈ অনুৰোধ কৰে।

এই বিষয়টোক লৈ কিছুদিনৰ পূৰ্বে দেশৰ নিৰ্বাচন আয়োগেও মন্তব্য প্ৰদান কৰিছিল।অৱশ্যে অচিৰেই তেনে এক সিদ্ধান্ত ল'ব পৰা কোনো ইংগিত আয়োগে এতিয়ালৈকে দিয়া নাই। সমান্তৰালভাৱে  ল' কমিশ্যনে দেশৰ ৰাজনৈতিক দলবোৰৰ পৰা 'এক দেশ, এক নিৰ্বাচন' বিষয়ত মতামতো গ্ৰহণ কৰিছে।