মুখ্য-পৃষ্ঠা

ভাৰতীয় সেনাৰ বাবে ক্ৰয় কৰা হ’ব ১০ লাখ নতুন হেণ্ড গ্ৰেণেড

asomiyapratidin

ডিজিটেল ডেস্কঃ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাটী আক্ৰমণৰ পিছত সেনাৰ সুৰক্ষাৰ প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে ভাৰত চৰকাৰে। ভাৰত-পাকস্তিনাৰ মাজত চলি থকা অশান্ত পৰিস্থিতি আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাৰ বাবে ভাৰতীয় সেনাৰ অধিক শক্তিশালী কৰি তুলিবলৈ এইবাৰ ১০ লাখ নতুন গ্ৰেণেড ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।

এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে ইতিমধ্যে এই সন্দৰ্ভত আলোচনা চলিছে। প্ৰতিৰক্ষামন্ত্ৰীগৰাকীৰ সন্মতি প্ৰদানৰ পিছতে ১০ লাখ হেণ্ড গ্ৰেণেড ক্ৰয়ৰ সিদ্ধান্তত মোহৰ লগোৱা হ'ব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, ভাৰতীয় সেনাই বৰ্তমান ব্যৱহাৰ কৰা এইছ ই ৩৬ গ্ৰেণেডৰ পৰিৱৰ্তে এই নতুন গ্ৰেণেড ব্যৱহাৰৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে। এই গ্ৰেণেড ক্ৰয়ৰ বাবে ইতিমধ্যে চৰকাৰে ৫০০ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা বুলিও এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰিত প্ৰকাশ পাইছে।