মুখ্য-পৃষ্ঠা

খৰ্গ দাহন পৰ্ব

asomiyapratidin

বিশ্ব গঁড় দিৱসত তাৎপৰ্যপূৰ্ণভাৱে অসম চৰকাৰে কোষাগাৰত জমা কৰিথোৱা ২,৪৭৯ গঁড়ৰ খৰ্গ বোকাখাতত ৰাজহুৱাকৈ দাহন কৰি নজিৰ সৃষ্টি কৰিলে। মৃত গঁড়ৰ খৰ্গ যে অমূল্য সম্পদ নহয় বা ইয়াৰ যে কোনো ঔষধি গুণ নাই, বিশ্ববাসীক বিশে,কৈ চোৰাং চিকাৰীক এই বাৰ্তা দিবৰ বাবেই ৰাজ্য চৰকাৰে ইমান বিশালসংখ্যক গঁড়ৰ খৰ্গ একেলগে দাহনৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। এই দাহন কাৰ্য আদৰণীয় যদিও চৰকাৰে বৈদিক প্ৰথাৰে পূজা-মন্ত্ৰৰ মাজত ইয়াক ধৰ্মীয় অনুষ্ঠানৰ দৰে সম্পন্ন কৰাক লৈ বিতৰ্কৰ সৃষ্টি হোৱাটো স্বাভাৱিক।

মুখ্যমন্ত্ৰীয়ে এফালে গঁড়ৰ খৰ্গক লৈ থকা সকলো অন্ধবিশ্বাস নস্যাৎ কৰাৰ আহ্বান দি, আনফালে খৰ্গ দাহনৰ পূৰ্বে নিজে পূজা-পাতলত বহি ভাৰতীয় সভ্যতা-সংস্কৃতি অনুসৰণৰ নামত যি ধৰ্মাচৰণ প্ৰদৰ্শন কৰিলে সি কিছু নতুন প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। ৰঙা সূতা মেৰিওৱা হাতেৰে মুখ্যমন্ত্ৰীয়ে অত্যাধুনিক ড্ৰোনৰ ৰিম'টৰ বুটাম টিপি খৰ্গ দাহনৰ কৰি দিয়া বিজ্ঞানমনস্কতাৰ ভাষণে ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰিব নোৱাৰি।

বন বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোৰ বাবে ৰাজ্যৰ বাহিৰৰ পৰাও পুৰোহিত অনা কথাই চৰকাৰৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কেই সন্দিহান কৰি তোলে। ধৰ্মীয় শিক্ষাত চৰকাৰী ধন ব্যয় নকৰিবলৈ দৃঢ়প্ৰতিজ্ঞ চৰকাৰখনে নানা ধৰ্মাৱলম্বী লোকেৰে পৰিপূৰ্ণ ৰাজ্যখনত চৰকাৰী অনুষ্ঠানবোৰো বৈদিক নিয়মেৰে সম্পাদন কৰাটোৱে কি বাৰ্তা কঢ়ি য়ায়?

এই কথা ঠিক যে চৰকাৰে যি দুমুখীয়া নীতিৰে অন্ধবিশ্বাস আঁতৰাব নোৱাৰে। যি বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰক অমূলক বুলি প্ৰমাণিত কৰিছে সোইবোৰেই অন্ধবিশ্বাস। গঁড়ৰ খৰ্গক লৈ আমি অন্ধবিশ্বাস বুলি ভবা কথাবোৰেই চীন-ভিয়েটনাম আদিৰ একাংশ লোকৰ মাজত প্ৰাচীনকালৰে পৰা কোনো বৈজ্ঞানিক প্ৰমাণ অবিহনেই বিশ্বাসৰূপে চলি আহিছে। যাৰ বাবে সেইবোৰ দেশৰ চোৰাং বজাৰত এতিয়াও কোটি কোটি টকাত বিক্ৰী হৈছে খৰ্গ।

বিভিন্ন ঔষধ, প্ৰসাধন সামগ্ৰী প্ৰস্তুতিত ব্যৱহাৰ কৰাৰ লগতে গঁড়ৰ খৰ্গক কিছুমানে ঐশ্চৰ্য-সৌভাগ্যৰ প্ৰতীকৰূপেও গ্ৰহণ কৰি আহিছে। প্ৰাচীন গ্ৰীচত আনকি পানী নিৰ্মলকৰণতো গঁড়ৰ খৰ্গ ব্যৱহৃত হোৱাৰ তথ্য পোৱা যায়। শিক্ষা-সভ্যতা তথা বৈজ্ঞানিক মানসিকতাই লাহে লাহে সোইবোৰ অন্ধবিশ্বাস বা বিভ্ৰান্তিৰ পৰা মানুহক আঁতৰাই আনিবলৈ সক্ষম হৈছে।

গতিকে মৃত গঁড়ৰ খৰ্গৰ কোনো উপযোগিতা নাই বুলি ইয়াক ৰাজহুৱাকৈ বিনষ্ট কৰি জগতক দেখুৱাবলৈ যাওঁতে ধৰ্মীয় ৰীতি-নীতি অনুসৰণৰ নিশ্চয় আৱশ্যকতা নাছিল। অন্ধবিশ্বাসীসকলে পৰম সম্পদ বুলি ভবা খৰ্গ দাহনৰ অৰ্থ এক প্ৰকাৰে অন্ধবিশ্বাসক জ্বলাই দিয়া। সেই কথা অন্ততঃ বোকাখাতৰ অনুষ্ঠানৰ আয়োজকসকলে অনুধাৱন কৰা উচিত আছিল। দুই সহশ্ৰাধিক গঁড়ৰ খৰ্গ জ্বলাই বাতৰিৰ শিৰোনাম দখল কৰিলেও অসমেই প্ৰথমে এই কাৰ্য কৰা নাই। বিশ্বৰ বিভিন্ন দেশে বিভিন্ন সময়ত জব্দকৃত অথবা সংগৃহীত গঁড়ৰ খৰ্গ, হাতী দাঁত আৰু বন্যপ্ৰাণীৰ অন্যান্য অংগ-প্ৰত্যংগ সমূহীয়াকৈ দাহন কৰি চোৰাং বেহাক নিৰুৎসাহিত কৰাৰ লগতে অস্তিত্বৰ সংকটত পৰা বন্যপ্ৰাণীকুলৰ সংৰক্ষণৰ হকে সজাগতা সৃষ্টি কৰি আহিছে।

১৯৮৯ চনতে হাতী দাঁত জ্বলোৱাৰ উদাহৰণ দেখুওৱা কেনিয়াই ২০১৬ চনত নাইৰোবিৰ ৰাষ্ট্ৰীয় উদ্যানত ৭,০০০ হাতী দাঁত সমূহীয়াকৈ জ্বলাই অভিলেখ ৰচে। একেদৰে ফিলিপাইনছ, চেক ৰিপাব্লিক আদিতো একাধিকবাৰ হাতী দাঁত আৰু গঁড়ৰ খৰ্গ ৰাজহুৱাকৈ জ্বলাই দিয়া হৈছে। আনকি চোৰাং হাতী দাঁতৰ বৃহৎ আন্তঃৰাষ্ট্ৰীয় বজাৰ থকা চীনেও ২০১৪ চনত ৬.১ টন হাতী দাঁত দাহন কৰি সজাগতা সৃষ্টিৰ উদাহৰণ দাঙি ধৰে।

বৃহৎ সংখ্যক গঁড়ৰ কৰ্গ দাহনেৰে অসমো এনে সজাগতামূলক অভইযানৰ অংশীদাৰ হোৱাটো নিশ্চয়কৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বন বিভাগৰ দূৰদৰ্শী চিন্তাৰ পৰিচায়ক। অৱশ্যে চৰকাৰে ইয়াৰ সমান্তৰালকৈ চোৰাং চিকাৰীৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অব্যাহত ৰাখিলেহে মূল উদ্দেশ্য সাৰ্থক হ'ব। চোৰাং চিকাৰীয়ে বন বিভাগৰ চকুৰ সন্মুখতে ৰাষ্ট্ৰীয় উদ্যান-অভয়াৰণ্যত সোমাই গঁড় হত্যা কৰি খৰ্গ কাটি নি অনায়াসে ৰাজ্যৰ সীমা পাৰ হ'ব পৰাটো নিৰাপত্তাবাহিনীসমূহৰ ব্যৰ্থতা বা গাফিলতিৰে পৰিচায়ক।

চোৰাং চিকাৰীয়ে বন বিভাগৰ চকুৰ সন্মুখতে ৰাষ্ট্ৰীয় উদ্যান –অভয়াৰণ্যত সোমাই গঁড় হত্যা কৰি খৰ্গ কাটি নি অনায়াসে ৰাজ্যৰ সীমা পাৰ হ'ব পৰাটো নিৰাপত্তাৰক্ষীসকলক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কৰাটোও সময়ৰে প্ৰয়োজন।কেৱল খৰ্গ দাহনৰ দৰে সজাগতামূলক কাৰ্যসূচীয়ে গঁড় হত্যা ৰোধ কৰিব বুলি আশ্বস্ত হৈ থকাটো সমীচীন নহ'ব।

আনহাতে চৰকাৰীভাৱেই যিহেতু মৃত গঁড়ৰ খৰ্গৰ কোনো মূল্য নাই বুলি কোৱা হৈছে সেয়ে চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা খৰ্গ এটাৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত মূল্য কিমান হ'ব তাক ঘোষণা কৰাৰ পৰম্পৰাও পৰিহাৰ কৰা উচিত। আৰক্ষীয়ে অমুক কোটি মূল্যৰ খৰ্গ জব্দ কৰা বুলি কোৱাৰ অৰ্থ হ'ব মৃত গঁড়ৰ খৰ্গ মূল্যৱান বুলি স্বীকাৰ কৰা।