মুখ্য-পৃষ্ঠা

গান্ধী বাদ

asomiyapratidin

কোনো ভাৰতীয় নেতাক যদি আজিও বিশ্বই সমীহ-সম্ভ্ৰমেৰে স্মৰণ কৰে, তেৱেঁই হৈছে মহাত্মা গান্ধী। কিয়নো আজিৰ এই সহিংস-অশান্তজৰ্জৰ মানৱ সমাজত যদি চিৰস্থায়ী শান্তি আৰু সম্প্ৰীতি স্থাপন কৰিব লাগে, তেন্তে গান্ধীৰ আদৰ্শক বাদ দি যে সেই প্ৰয়াস সম্ভৱ নহব বিশ্ববাসীয়ে লাহে লাহে বুজি উঠিছে। গান্ধীৰ আদৰ্শৰ প্ৰাসংগিকতাৰ এই অনুভৱ ক্ৰমাগতভাৱে বাঢ়ি আহিছে বাবেই বিশ্বৰ প্ৰান্তে প্ৰান্তে গান্ধীক লৈ নিত্য-নতুন চৰ্চাৰ সূচনা হব লাগিছে।

দুই অক্টোবৰৰ দিনটো কেৱল এজন ভাৰতীয় মহান আত্মাৰ ওপজা দিন নহয়,এই দিনটো সমগ্ৰ বিশ্ববাসীৰ বাবেই হৈ পৰিছে অহিংসৰ ভাৱনাৰে বিশ্বৰ মানৱ সমাজক নকৈ নিৰ্মাণ কৰিবলৈ সংকল্পৱদ্ধ হোৱাৰো দিন। ৰাষ্ট্ৰসংঘই ২অক্টোবৰৰ দিনটো অহিংস দিৱস হিচাপে পালন কৰিবলৈ লৈ গান্ধীবাদক বিশ্ব সমাজত স্বীকৃতি আৰু প্ৰতিষ্ঠা দিবলৈ যি আন্তৰিক প্ৰচেষ্টা চলাইছে সিয়ে প্ৰমাণ কৰিছে যে, সাম্প্ৰতিক বিশ্বক এক সুস্থ ৰাজনীতিৰ পথ দেখুৱাব পাৰিব কেৱল গান্ধীৰ আদৰ্শই।

ভাৰতীয় হিচাপে আমি পৰিতৃপ্ত আৰু গৌৰৱাম্বিত হওঁ যে, গান্ধীজীৰ আজিৰ দিনটো পালিত হবলৈ লৈছে বিশ্বৰ বিভিন্ন দেশত। পিচে যি সময়ত দেশৰ সীমাৰ পৰিধি ভাঙি পৃথিৱী নামৰ এই গোলকটোত বিদেশী ৰাষ্ট্ৰৰ জৰিয়তে গান্ধীৰ আদৰ্শক প্ৰতিষ্ঠা কৰাৰ এক আন্তৰিক প্ৰচেষ্টা চলিছে। সেই একে সয়মত নিজৰ জন্মভূমিতে গান্ধীৰ আদৰ্শক উৎখাতৰ এক ভয়ংকৰ তৎপৰতাও চলিছে অহৰহ।

যিগৰাকী নেতাই দেখুওৱা পথেৰে বাট বুলি ৪০০বছৰীয়া ইংৰাজ ওপনিবেশিকতাৰ পৰা ভাৰতভূমিক মুক্ত কৰিব পৰা গৈছিল। সেইগৰাকীকে আজি এচামে ৰাষ্ট্ৰ আৰু জাতীয়তাবাদক শত্ৰুৰূপে বিচাৰৰ কাঠগৰালৈ আনিবলৈ অহৰহ চক্ৰান্ত কৰি গৈছে। এনে চক্ৰান্তৰ চেষ্টা অস্বাভাৱিক নহয়, কিয়নো তিনিটা তপত বুলেটেৰে যিগৰাকীয়ে গান্ধীৰ হৃদপিণ্ড চিৰকাললৈ স্তদ্ধ কৰি দিছিল, সেইগৰাকী আততায়ীৰ আদৰ্শৰেই অনুগামীসকলে দেশত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে আৰু ৰাষ্ট্ৰৰ ক্ষমতাত বৰ্তি থাকিব খোজে।

চৰকাৰে প্ৰতিবছৰে গান্ধীজীৰ ওপজা দিনটো বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰে। এইবাৰো ব্যতিক্ৰম নহব। চৰকাৰী নেতাসকলে বিভিন্ন উপলক্ষে গান্ধীজীৰ অহিংসাবাদী আদৰ্শৰ কথা কয়। কিন্তু চৰকাৰৰ সমৰ্থক, অনুগামীসকলৰ বহুতে আকৌ সততেই গান্ধীজীক তুচ্ছ-তাচ্ছিল্য কৰে মুকলিভাৱেই। ইমানতেই ক্ষান্ত নাথাকি গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক ৰাষ্ট্ৰীয় নায়কৰূপে প্ৰতিষ্ঠা দিবলৈকো চেষ্টা চলাই আহিছে।

এগৰাকী প্ৰাক্তন মন্ত্ৰী তথা শাসকীয় পক্ষৰ নেতা অনন্ত কুমাৰ হেগড়েই ৰাজহুৱাভাৱে যেতিয়া ঘোষণা কৰে যে, গান্ধীৰ অহিংস আন্দোলন বা সত্যাগ্ৰহ কেৱল নাটকহে আছিল ,তেতিয়া বুজা যায় প্ৰকৃততে শাসকৰ হাতত ৰাজনৈতিক প্ৰেক্ষাপটত গান্ধীৰ মূল্যায়ন কিদৰে হব ধৰিছে। হিন্দুত্ববাদৰ আধাৰত ৰাষ্ট্ৰ নিৰ্মাণৰ সপোন দেখাসকলৰ বাবে গান্ধী বা তেওঁৰ আদৰ্শ শত্ৰু হৈ পৰাৰ কাৰণো আছে।

এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণ আৰু হিন্দু ভাবাদৰ্শৰে উজ্জীৱিত ব্যক্তি হোৱা সত্ত্বেও গান্ধীজী আছিল ধৰ্মনিৰপেক্ষ মানুহ। দেশৰ নিপীড়িত মুছলমানৰ প্ৰতি সমমৰ্মিতা আছিল আৰু মুছলমানৰ ৰাজনৈতিক অধিকাৰৰ প্ৰতি তেওঁৰ সমৰ্থন আছিল। গান্ধীজীৰ হিন্দুৰ শ্ৰেণী বৈষম্যৰ দুৰ্ঘোৰ বিৰোধী হোৱাৰ লগতে তেওঁৰ জাতিভেদ তথা নিৰ্মূলকৰণৰ হকে আজীৱন যুজঁ দি গৈছিল। গান্ধীজীৰ আদৰ্শ স্বৰাজৰ ভেটিটোৱেই আছিল ধৰ্মীয় সহনশীলতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি। এই আদৰ্শ বা স্থিতিৰ বাবেই গান্ধীজী হৈ পৰিছিল কট্টৰ হিন্দু মৌলবাদীৰ চৰম শত্ৰু। প্ৰাণো দিব লগা হৈছিল সেই শক্তিটোৰ হাততে।

আজিৰ হিন্দুত্ববাদী নব্য শক্তিটোৰ বাবেও চকুৰ কুটা দাঁতৰ শূল গান্ধীজী। ভাৰতীয় মানুহৰ ধৰ্মীয় সদ্বভাবনা আৰু জাতীয়তাবাদী চেতনাৰ পৰা গান্ধীক কিদৰে অপসাৰিত কৰিব পাৰি, কিদৰে গডছেৰ দৰে ব্যক্তিক জনমানসত সূজ্য ব্যক্তি ৰূপে স্থাপন কৰিব পাৰি আৰু এনেবোৰ কাজ-কৰ্মৰ মাজেৰে কিদৰে দেশত এক ধৰ্মীয় জাতীয়তাবাদ প্ৰতিষ্ঠা কৰি দেশৰ ক্ষমতা কুক্ষিগত কৰা ৰাখিব পাৰি, চলি থকা এই কুচকাৱাজক লৈ বিশ্বমহলো শংকিত-উদ্বিগ্ন।

গান্ধীজীৰ ভাবাদৰ্শৰ বিনাশ সাধনেৰে ভাৰতত উগ্ৰ হিন্দু সাম্প্ৰদায়িকতাৰ উত্থান হ'ব খোজাৰ পৰিঘটনা লৈও সততেই এতিয়া আন্তৰ্জাতিক প্ৰচাৰ মাধ্যমত চৰ্চিত হ'বলৈ ধৰিছে। অলপতে আমেৰিকা ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰে উক্ত দেশখনৰ ৰাষ্ট্ৰপতি জ'বাইডেনে আলোচনাকালত কাশ্মীৰকে ধৰি ভাৰতৰ কিছু প্ৰান্তত ধৰ্মীয় সংঘাতৰ বিষয়বোৰো সামৰি লোৱা বুলি কোনো কোনো সংবাদ মাধ্যমত চৰ্চিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে হেনো গান্ধীৰ প্ৰসংগও উলিয়াইছিল। ভাৰতৰ শেহতীয়া সামাজিক পৰিস্থিতিবোৰলৈ চাই বিশ্বৰ ক্ষমতাশালী ৰাষ্ট্ৰনায়কগৰাকীয়ে বাৰু আমাক গান্ধীৰ আদৰ্শৰ প্ৰাসংগিকতাকে সোঁৱৰাই দিছে নেকি?