মুখ্য-পৃষ্ঠা

চীন-ভাৰত সম্পৰ্ক

asomiyapratidin

এছিয়াৰ সৰ্ববৃহৎ শক্তি হিচাপে চীনে বিশ্বৰ সবাতোকৈ ধনী ৰাষ্ট্র মার্কিন যুক্তৰাষ্ট্ৰক চেৰ পেলাই এক বিশাল অর্থনীতি গঢ়ি তোলাৰ খবৰে আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকর্ষণ কৰিছে। অলপতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত পোন প্ৰথমবাৰৰ বাবে চীনৰ ৰাষ্ট্রপতি জি জিনপিঙৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে হোৱা বাৰ্তালাপত বিশ্বৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত প্রায় দুঘণ্টা ধৰি মত বিনিময় কৰে। বি বি চি নিউজত সম্প্ৰচাৰিত এই বাৰ্তালাপত বাইডেনে হাঁহিমুখে জিনপিঙক সম্ভাষণ জনায়। বিশ্বৰ দুই মহাশক্তিধৰ ৰাষ্ট্ৰৰ মুৰব্বী দুগৰাকীৰ মাজত হোৱা এই ধৰণৰ বাৰ্তালাপৰ আনুষ্ঠানিকতাক লৈ আমি বৰ বেছি গুৰুত্ব নিদিয়াই শ্রেয়। দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজৰ সাদৰ-সম্ভাষণৰ আঁৰত যে তেওঁলোকৰ কুটনৈতিক স্বার্থ জড়িত হৈ আছে, সেই কথা সহজেই অনুমেয়।

সম্প্রতি অর্থনৈতিক বিশ্বত চীনৰ আগ্রাসী ভূমিকাই মার্কিন মহলক শংকিত কৰি তুলিছে। আমেৰিকাই ইউৰোপীয় শক্তিসমূহৰ সৈতে মিলি চীনক ভেটা দিয়াৰ কৌশল অৱলম্বন কৰিছে। অষ্ট্ৰেলিয়া, আমেৰিকা আৰু ইংলেণ্ডৰ মাজত কিছুদিন আগতে এক আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংক্রান্তীয় মৈত্রী স্থাপন হৈছিল। 'অ'কাছ' শীৰ্ষক এই মৈত্ৰীৰ অন্তর্ভুক্ত তিনিওখন ৰাষ্ট্ৰৰ মুৰব্বীসকলে মুকলিভাৱে ঘোষণা নকৰিলেও এই কথা স্পষ্ট হৈছিল যে প্রশান্ত মহাসাগৰীয় তথা বিস্তীর্ণ উপসাগৰীয় অঞ্চলত কৃত্রিম চোৰাংচোৱা ক্ষেত্ৰসমূহৰ লগতে চাইবাৰ যুদ্ধক্ষেত্ৰত প্রতীয়মান হোৱা চীনৰ প্ৰভুত্বক যিকোনো প্ৰকাৰে প্ৰতিহত কৰাটোৱেই হ'ল অকাছৰ মূল লক্ষ্য।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী স্কট মৰিছন, ব্ৰিটিছ প্রধানমন্ত্রী বৰিছ জনছন আৰু জ বাইডেনে উমৈহতীয়াভাৱে অ'কাছ চুক্তিৰ কথা ঘোষণা কৰিছিল। তাৰ সমান্তৰালকৈ ভাৰতেও আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ লগ হৈ 'কোৱাড' শীর্ষক আন এক আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জন্ম দিছিল। নিশ্চিতভাৱেই কোৱাডৰো মূল উদ্দেশ্য হ'ল চীনৰ আধিপত্যক প্রত্যাহ্বান জনোৱা। তাৰ অৰ্থ হ'ল চীনৰ বিৰুদ্ধে বিভিন্ন পর্যায়ত আন্তঃৰাষ্ট্ৰীয় গোটসমূহে ঐক্যবদ্ধ হোৱাৰ প্ৰয়াস চলাইছে। কিন্তু চীনে তাৰ সমান্তৰালকৈ সকলোৰে ওপৰত এক ধৰণৰ ছায়াযুদ্ধত অবতীর্ণ হোৱা পৰিলক্ষিত হৈছে। চীনে তেওঁলোকৰ সার্বভৌমত্ব তথা অখণ্ডতাক যিকোনো প্ৰকাৰে ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ। সেইবাবেই আমেৰিকাৰ দৰে শক্তিক টাইৱান প্ৰসংগত বাৰে বাৰে সকীয়নি দিছে।

টাইবানৰ সৈতে থকা বেইজিং প্ৰশাসনৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ লগতে চীনৰ আভ্যন্তৰীণ বিষয়বোৰত যাতে মার্কিন যুক্তৰাষ্ট্ৰই মাত নামাতে, সেই দিশত জি জিনপিঙে দৃঢ় অবস্থান লৈ আহিছে। আমেৰিকা অথবা ইউৰোপীয় শক্তিসমূহে যিমানেই প্রভুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাছিয়াৰ দৰে ৰাষ্ট্ৰসমূহে চীনৰ পক্ষত শক্তিশালী ৰূপত থিয় দি আছে। আনকি ৰাষ্ট্ৰসংঘৰ মজিয়াতো চীনৰ দপদপনিক কোনো শক্তিয়ে সহজে প্রত্যাহ্বান জনাব পৰা অৱস্থাত নাই। চীনৰ এই ক্রমবর্ধমান আধিপত্যৰ মূল কাৰকটো হৈছে– অর্থনৈতিক আগ্রাসন।

এছিয়া, মধ্যপ্রাচ্য আৰু আফ্ৰিকাৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত সামৰিক সংঘাত চলি থকাৰ মাজতে চীনে বিগত বছৰবোৰত তেওঁলোকৰ অৰ্থনৈতিক সাম্রাজ্য বিস্তাৰ কৰি গৈছে। ১৯৭৮ চনত হোৱা ব্যাপক অর্থনৈতিক সংস্কাৰৰ পিচৰ পৰ্যায়ত চীনৰ জাতীয় অর্থনীতি টনকিয়াল হ'বলৈ ধৰিছিল। ইয়াৰো মূল কাৰণটোৱেই হ'ল— চীনে পাশ্চাত্যৰ বিত্তীয় পুঁজি বিনিয়োগৰ বাবে মুক্ত বজাৰ অর্থনীতি সেই সময়ৰ পৰাই কার্যকৰী কৰিছিল। কিন্তু পাশ্চাত্যৰ অৰ্থনীতিৰ লগত চীনে তেতিয়াও এক মৌলিক পার্থক্য বজাই ৰাখিছিল। চীনৰ প্রযুক্তিয়ে কেৱল চীনক লাভান্বিত কৰাৰ এক অভিনব নীতি অৱলম্বন কৰা হৈছিল।

১৯৮০ চনত চীনৰ জনমূৰি জাতীয় আয় ২৫০ ডলাৰ আছিল। ২০২০ চনত সেয়া ১০,০০০ ডলাৰলৈ ৰূপান্তৰ হৈছিল। বহুতে কৈছিল— বিশ্বৰ দ্বিতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে চীনে এই হাৰত আগবাঢ়ি গৈ থাকিলে মার্কিন যুক্তৰাষ্ট্ৰক একৈশ শতিকাৰ তৃতীয়টো দশকৰ শেহৰ ফালে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। কিন্তু এতিয়া তাৰ বহু আগতেই চীনৰ অৰ্থনীতিৰ অভূতপূর্ব বিকাশ সম্ভৱপৰ হৈছে। তাৰ অৰ্থ এইটো নহয় যে চীনত অর্থনৈতিক বৈষম্য নাই, বৰং চহৰাঞ্চলৰ তুলনাত এতিয়াও সেই দেশৰ গ্ৰামাঞ্চলৰ অৰ্থনৈতিক অৱস্থা বহু তলত আছে। চীনৰ তেনেধৰণৰ আৰু বহু নেতিবাচক দিশ আছে।

চীনত গণতন্ত্ৰৰ পৰিবৰ্তে একনায়কত্ববাদ চলিছে বুলি বিশ্বই সঘনাই অভিযোগ কৰি আহিছে। আমি সেই দিশবোৰলৈ নাযাওঁ। এই মুহূৰ্তত আমাৰ দেশ ভাৰতৰ বাবে আটাইতকৈ জৰুৰী বিষয়টো হৈছে— চীনৰ সৈতে মিলি আমি নিজেই কিদৰে লাভান্বিত হ'ব পাৰো, তাৰ সঠিক পথৰ সন্ধান কৰা। ভাৰতে দক্ষিণ-পূর্ব এছিয়াত নিজৰ অৰ্থনৈতিক স্বার্থ পূৰণ কৰিবলৈ হ'লে চীনৰ লগতে এক সুপৰিকল্পিত নীতিৰে আগবাঢ়িব লাগিব। আমেৰিকাৰ দৰ্পচূৰ্ণ কৰি চীনে বিশ্বৰ ধনী ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি আমি হাত সাবটি বহি থাকিলে নহ'ব। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক ক্ষেত্ৰখনত চীনে যাতে ভাৰতক অগ্রাহ্য কৰিব নোৱাৰে, তাৰবাবে আমি নিজকে প্রস্তুত কৰি তুলিব পাৰিব লাগিব। চীনত গণতন্ত্র আছে নে নাই, সেয়া আমাৰ বিচাৰ্যৰ বিষয় নহৈ চীনৰ অর্থনৈতিক অৱস্থাৰ এক নতুন মূল্যায়ন ভাৰতে কৰাটো নিশ্চয়কৈ সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে।