মুখ্য-পৃষ্ঠা

প্ৰতিশোধ

asomiyapratidin

ভাৰত আৰু পাকিস্তানৰ মাজৰ চিৰবৈৰিতাৰ সম্পৰ্কই পুনৰ এক বিস্ফোৰমুখী অৱস্থালৈ গতি কৰিছে পুলৱামাৰ নাৰকীয় ঘটনাৰ পিচৰে পৰা, যাৰ পৰিণতিত মঙলবাৰে কাহিলি পুৱা ভাৰতীয় বায়ুসেনা বাহিনীৰ যুদ্ধ বিমানে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি তথা পাক অধিকৃত কাশ্মীৰৰ সীমান্ত পাৰ হৈ খোদ পাকিস্তানৰ মাটিতে পাকিস্তানৰ মাটিতে নিক্ষেপ কৰি থৈ আহিল শক্তিশালী বোমা।

এই আক্ৰমণত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ ৬টা শিবিৰ ধ্বংস হোৱা তথা ২৫ গৰাকী শীৰ্ষস্থানীয় কমাণ্ডাৰসহ ৩৫০জন সন্ত্ৰাসবাদী নিহত হোৱা বুলি ভাৰতীয় বিভিন্ন সূত্রই প্ৰকাশ কৰিছে যদিও পাকিস্তানে এই কথা স্বীকাৰ কৰিব খোজা নাই। স্বীকাৰ কৰকেই বা নকৰক এই আক্ৰমণটোৱে যে পাকিস্তানৰ সৰ্বস্তৰতে বাৰুকৈয়ে জোকাৰণি তুলিছে, তাৰ প্ৰমাণ মঙলবাৰৰ সমগ্ৰ দিনটোত দেশখনৰ ৰাজনৈতিক নেতৃবৰ্গ, সেনাবাহিনীৰ মুৰব্বীসকলকে ধৰি প্ৰধান প্ৰধান কৰ্ণধাৰসকলৰ কথা-কাণ্ডতে ওলাই পৰিছে।

১৯৭১ চনৰ পিচত প্ৰথমবাৰৰ বাবে ভাৰতীয় বিমান বাহিনীৰ যুদ্ধ বিমানে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি পাকিস্তানৰ মাটিত আক্ৰমণ সংঘটিত কৰাটো ৰণনৈতিক দিশৰ পৰাও তাৎপৰ্যপূৰ্ণ এইবাবেই যে পাকিস্তানী ৰাডাৰে ভাৰতীয় বিমানৰ এই অনুপ্ৰৱেশ ধৰা পেলাবই নোৱাৰিলে, যাৰ বাবে ১২ খন মিৰাজ ২০০০ বিমানে চিৰবৈৰী ৰাষ্ট্ৰখনৰ অন্তৰ্ভাগত বোমাবৰ্ষণ কৰি নিৰ্বিঘ্নে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ'ল।

লক্ষণীয়ভাৱে এই আক্ৰমণৰ পিচদিনাই, অৰ্থাৎ বুধবাৰে পাকিস্তানৰ এখন যুদ্ধ বিমানেও সীমা অতিক্ৰমি ভাৰতৰ আকাশত প্ৰৱেশ কৰাৰ এক ঘটনা ঘটিছে আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পাক বিমানখন খেদি পঠিওৱা বুলি প্ৰকাশ কৰিছে। ইফালে পাকিস্তানে দুখন ভাৰতীয় যুদ্ধবিমান ভূপতিত কৰা বুলি সেই দেশৰ প্ৰতিৰক্ষা বিভাগে দাবী কৰিছে। সীমান্তৰ পৰিস্থিতি যে সম্প্ৰতি অতি স্পৰ্শকাতৰ, এই ঘটনাপ্ৰবাহে প্ৰমাণ কৰাৰ লগতে দেশ দুখনৰ মাজত এনে পৰিস্থিতি অব্যাহত থাকিলে ই এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধলৈও পৰ্যবসিত হ'ব পাৰে বুলি জনসাধাৰণৰ মনত আশংকা ঘনীভূত হৈছে।

অৱধাৰিতভাৱে সমগ্ৰ বিশ্বই ভাৰতীয় উপ-মহাদেশৰ এই ঘটনা প্ৰবাহক লৈ উদ্বেগ প্ৰকাশ কৰি দুয়ো পক্ষকে সংযমী হ'বলৈ আহ্বান জনাইছে। ভাৰতৰ এই 'ছাৰ্জিকেল ষ্ট্ৰাইক-২' যিহেতুকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক প্ৰতিশোধমূলক অভিযান, গতিকে বিশ্বৰ অধিকাংশ দেশৰে ভাৰতৰ স্থিতিৰ প্ৰতি সহমৰ্মিতা আছে আৰু ফ্ৰান্সৰ দৰে দেশে মুকলিকৈ ভাৰতৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে। কাৰণ পাকিস্তানৰ মাটিত লালিত-পালিত সন্ত্ৰাসবাদী সংগঠনসমূহ কেৱল ভাৰতকে নহয়, বিশ্বৰ বাবেও ভাবুকি হৈ পৰিছে।

ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইক-২ৰ লক্ষ্য যি জইছ-ই-মহম্মদ, এই সন্ত্ৰাসবাদী সংগঠনে যোৱা ২০টা বছৰত ভাৰতত কেইবাটাও ভয়ংকৰ কূটাঘাত সংঘটিত কৰি ভাৰতীয় নিৰাপত্তা ব্যৱস্থাক মুকলিকৈ প্ৰত্যাহ্বান জনাই আহিছে। লস্কৰ-ই-তৈবাৰ দৰে কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ নিষ্ঠুৰ হত্যালীলা, বিভীষিকাৰো বহুবাৰ বলি হৈছে ভাৰত। এই সন্ত্ৰাসবাদীসকলক পাকিস্তানৰ মাটিৰ পৰা উৎখাত কৰাৰ বাবে সমগ্ৰ বিশ্বই জনোৱা আহ্বানক কিন্তু পাকিস্তানৰ ৰাজনৈতিক নেতৃবৰ্গৰ পূৰ্ণ পৃষ্ঠপোষকতা আৰু আই এছ আইৰ তত্বাৱধানত এই সন্ত্ৰাসবাদী সংগঠনসমূহ দিনক দিনে অধিক ভয়াবহহে হৈ গৈ আছে।

পুলৱামাত ৪০জনকৈ বীৰ জোৱানক নৃশংস হত্যা তাৰ শেহতীয়া উদাহৰণ। ইয়াৰ পিচত ভাৰতে যদি হাত সাৱটি বহি থাকে আৰু শান্তিৰ বচন আওৰায়, তেনেহ'লে এয়া কাপুৰুষালিৰ বাদে আন একো নহ'লহেঁতেন। তেনে পৰিস্থিতিত ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ ঘাটিত 'ছাৰ্জিকেল ষ্ট্ৰাইক' চলোৱা বাবে দেশবাসীয়ে ভাৰতীয় বিমান বাহিনীক চেলুট দিছে, গৰ্বিত হৈছে। কিন্তু পাকিস্তানে যে শান্তিৰ ভাষা বুজি নাপায় সেয়া বাৰাম্বাৰ প্ৰমাণ কৰি আহিছে। নহ'লে পুলৱামাৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰাৰ পিচতো তেওঁলোকে 'জইছ'ৰ নেতা মাছুদ আজহাৰক ৰাষ্ট্ৰনেতাৰ মৰ্যাদাৰে আশ্ৰয় দি নাৰাখিলেহেঁতেন, মুম্বাইৰ হত্যালীলাৰ পিচত 'লস্কৰ'ৰ মুৰব্বী জাকিউৰ ৰহমান লাখভি, জামাত-উদ-দাৱাৰ মুৰব্বী হাফিজ ছয়ীদক নিৰ্বাসন দিলেহেঁতেন।

পাকিস্তানৰ এই মনোবৃত্তিয়ে ভাৰতক আক্ৰমণাত্মক ৰূপ ল'বলৈ বাধ্য কৰাইছে আৰু পৰিণতিত পাকিস্তানৰ ভূমিত চলাবলগা হৈছে সন্ত্ৰাসবাদবিৰোধী অভিযান। এতিয়া ভাৰতৰ এই ভূমিকাৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিবলৈ গৈ পাকিস্তানেও এফ-১৬ দৰে যুদ্ধ বিমানৰ ভাৰতলৈ অনুপ্ৰৱেশ ঘটাই শক্তি প্ৰদৰ্শনৰ যি আচৰণ কৰিছে, নিশ্চিতভাৱে তাৰ পৰিণাম শুভ নহ'ব আৰু এই পৰিস্থিতিয়ে মূৰকত এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ ৰূপ ল'লে ইয়াৰ বাবে দায়ী পাকিস্তানেই হ'ব।

যুদ্ধই কাৰো মংগল সাধন নকৰে। এখন যুদ্ধ মানে ধন-জনৰ বিপুল হানি। সাধাৰণ পাকিস্তানীৰ প্ৰতি ভাৰতীয়ৰ কোনো বিদ্বেষ নাই। হয়তো পাকিস্তানৰ সাধাৰণ মানুহৰো একেই মনোভাৱ। কিন্তু ৰাজনৈতিক অংকত পাকিস্তানৰ ৰাজনৈতিক, সামৰিক আৰু সন্ত্ৰাসবাদী নেতৃবৰ্গই মিলি ভাৰতক আঘাতৰ কাৰ্যকলাপ চলাই আহিছে। 'কাশ্মীৰ'ৰ অধিকাৰক লৈ সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিণতিত যদি দুয়োখন দেশ পুনৰ এখন যুদ্ধৰ সন্মুখীন হ'বলগা হয়, তেনেহ'লে ইয়াৰ পৰিণাম কেতিয়াও শুভ নহ'ব।