মুখ্য-পৃষ্ঠা

টিকটৰ সৈতে ৰঙা গোলাপঃ ভালপোৱাৰ বিশেষ দিনটোত এইদৰেই আৰম্ভ হ’ল ইষ্ট-ৱেষ্ট মেট্ৰ’ৰ যাত্ৰা

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে কলকতাৰ ইষ্ট-ৱেষ্ট মেট্ৰ' ৰে'ল সেৱা। চল্টলেক চেক্টৰ-৫ৰ পৰা যুৱভাৰতী ষ্টেডিয়ামলৈ চলিবলগীয়া ইষ্ট-ৱেষ্ট মেট্ৰ' ৰে'ল সেৱাৰ প্ৰথম দিনাৰ যাত্ৰাৰ আনন্দ ল'বলৈ শুকুৰবাৰে পুৱাই চল্টলেক মেট্ৰ' ষ্টেছনত ভীৰ কৰে অগণন যাত্ৰীয়ে। উল্লেখ্য যে, বৃহস্পতিবাৰে এই মেট্ৰ' সেৱাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে।

শুকুৰবাৰে প্ৰেমৰ দিন ভেলেণ্টাইন ডে'। প্ৰেমৰ এই বিশেষ দিনটোতে ইষ্ট-ৱেষ্ট মেট্ৰ' সেৱাৰ প্ৰথম যাত্ৰাৰ আনন্দ ল'বলৈ টিকট কৰাত উদ্দেশ্যে চল্টলেক ষ্টেছনত শাৰী পতা যাত্ৰীৰ বাবে এক বিশেষ উপহাৰৰ ব্যৱস্থা কৰিলে মেট্ৰ' কৰ্তৃপক্ষই। যাত্ৰীসকলক টিকটৰ লগতে এটিকৈ ৰঙা গোলাপ হাঁহিমুখে হাতত তুলি দিলে মেট্ৰ' কৰ্তৃপক্ষই।

ভালপোৱাৰ বিশেষ দিনটোত মেট্ৰ' যাত্ৰা কৰিবলৈ গৈ এনেদৰে টিকটৰ সৈতে এটি ৰঙা গোলাপ উপহাৰ পাই উৎফুল্লিত হৈ পৰা দেখা যায় যাত্ৰীসকলক। ইফালে ইষ্ট-ৱেষ্ট মেট্ৰ ৰে'ল সেনাৰ নতুন নিৰাপত্তা ব্যৱস্থআ আৰু অন্যান্য সুবিধাসমূহেও এক সুন্দৰ যাত্ৰাৰ আমোদ দিলে সকলোকে।