মুখ্য-পৃষ্ঠা

মোৰ ভগ্নীয়েই মোক ব্লেকমেইল কৰিছিলঃ দৌৰবিদ দুতী চান্দ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় দৌৰবিদ দুতী চান্দে সোমবাৰে নিজৰ সমকামী সম্পৰ্কৰ কথা মুকলিকৈ ঘোষণা কৰাৰ পিছতে দুতী চান্দক লৈ ছ'চিয়েল মিডিয়াত চৰ্চা চলা পৰিলক্ষিত হৈছে। নিজৰ ভগ্নীয়ে দুতীৰ সম্পৰ্ক গোপন কৰি ৰখাৰ নামত বাৰে বাৰে ব্লেকমেইল কৰি অহা বাবেই অৱশেষত তাৰ পৰা পৰিত্ৰাণ পাবলৈ নিজেই সকলোৰে সম্পৰ্কত দুতী চান্দে নিজৰ সমকামী সম্পৰ্কৰ কথা স্বীকাৰ কৰিবলগা হোৱা বুলি মঙলবাৰে মন্তব্য কৰে দৌৰবিদ গৰাকীয়।

উল্লেখ্য যে, সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত দৌৰবিদ গৰাকীয়ে নিজৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰি কৈছিল যে তেওঁলোক দুয়ো একে চহৰৰে বাসিন্দা। ভালপোৱাৰ বাবে শৰীৰ নহয়, মনৰ মিল থকাটোৱেহে অতি জৰুৰী বুলি মন্তব্য কৰি দুতী চান্দে কয়, 'মই সমকামী সম্পৰ্কত বিশ্বাসী। যিসকলে এনে সম্পৰ্কত বিশ্বাস কৰে, তেওঁলোকে মোক সমৰ্থন জনাইছে। যিসকলে বিশ্বাস নকৰে, তেওঁলোকে মোক সমালোচনা কৰিছে। কিন্তু এইবোৰৰ প্ৰতি মই কোনো গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি নাভাবো। বৰ্তমান মোৰ লক্ষ্য অলিম্পিক। মই এতিয়া অনুশীলনত অধিক গুৰুত্ব প্ৰদান কৰিব বিচাৰো।'

ইফালে ভাৰতীয় দৌৰবিদ গৰাকীয়ে নিজৰ সমকামী সম্পৰ্কৰ কথা এনেদৰে প্ৰকাশ কৰাৰ পিছতে ছ'চিয়েল মিডিয়াত বিভিন্নজনে দুতী চান্দক সমালোচনা কৰাও পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে বিভিন্ন জনে সমৰ্থনো আগবঢ়াইছে। মঙলবাৰে দুতীয়েসংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এই সম্পৰ্ক গোপন ৰখাৰ নামত ভগ্নীয়েই তেওঁক ব্লেক মেইল কৰি অহা বুলি অভিযোগ উত্থাপন কৰে। তেওঁৰ সৰু ভগ্নীয়ে তেওঁৰ পৰা ২৫ লাখ টকা দাবী কৰাৰ লগতে এই সম্পৰ্কৰ পৰা আতৰি থাকিবলৈ কৈ শাৰিৰীকভাৱে প্ৰহাৰ কৰা বুলিও কয় দুতী চান্দে।

সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়, 'মোৰ নিজৰ ভগ্নীয়ে মোক শাৰিৰীকভাৱে প্ৰহাৰ কৰিছিল। এই সম্পৰ্ক গোপন কৰি ৰখাৰ খাতিৰত মোৰ পৰা ২৫ লাখ টকা বিচাৰি মোক ব্লেকমেইল কৰিছিল। যাৰ বাবে মই এই সন্দৰ্ভত আৰক্ষীৰো কাষ চাপিবলগীয়া হৈছিল। আৰু অৱশেষত এনে কাৰণতে মই মোৰ সমকামী সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ বাধ্য হৈছো।'