মুখ্য-পৃষ্ঠা

নিৰ্বাচনৰ সময়ত ৰোড শ্ব’-বাইক ৰেলী বাতিল! কি ক’লে উচ্চতম ন্যায়ালয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ সময়ত ৰোড শ্ব', বাইক ৰেলী আদি ৰাজনৈতিক দলবোৰৰ শক্তি প্ৰদৰ্শনৰ অন্যতম মাধ্যম হৈ পৰিছে। প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ প্ৰাৰ্থী লৈকে নিৰ্বাচনৰ পূৰ্বে ৰোড শ্ব' আৰু বাইক ৰেলী উলিওৱাতো ফেশ্বন হৈছে। ইয়াৰো ফল ভোগ কৰে সাধাৰণ জনতাই। সেয়েহে উচ্চতম ন্যায়ালয়ত নিৰ্বাচনৰ সময়ত এনে ৰোড শ্ব' আৰু বাইক ৰেলী নিষিদ্ধ কৰিবলৈ এক ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰা হৈছে।

ন্যায়ালয়ে এই সন্দৰ্ভত নিষেধাজ্ঞা জাৰি কৰিবলৈ আৱেদন জনাই দাখিল কৰা আৱেদন খাৰিজ কৰি দিয়ে। সোমবাৰে ন্যায়ালয়ে এই আৱেদন অগ্ৰাহ্য কৰিলে। ফলত নিৰ্বাচনৰ সময়ত ৰোড শ্ব' আৰু বাইক ৰেলী উলিওৱাত কোনো বাধা নাথাকিল ৰাজনৈতিক দল তথা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ।