মুখ্য-পৃষ্ঠা

৩মাহ ধৰি নাই দৰমহাঃ ভোকত চটফটাই থকা ডেৰবছৰীয়া দুই যমজ সন্তানক পিতৃয়ে এৰিলে ৰাস্তাত…

asomiyapratidin

ডিজিটেল ডেস্কঃ লকডাউনে কেৱল কোৰোনাৰ পৰাহে বচাব পাৰিলে। দৰিদ্ৰতা, অৰ্থনৈতিক সমস্যাৰ পৰা বচাব নোৱাৰিলে বিশ্বৰ লগতে ভাৰতক। লকডাউনৰ ফলত দেশবাসীৰ কি পৰ্যায়ৰ সমস্যা উদ্ভৱ হৈছে, তাৰ প্ৰমাণ দি গল দিল্লীত শেহতীয়াকৈ সংঘটিত হোৱা এটা ঘটনাই।

ঘটনাটো সংঘটিত হৈছিল দিল্লীৰ ৫নং শ্যাম নাথ পথত। ডেৰ বছৰীয়া দুটি কণমাণিক ৰাস্তাত অকলশৰে এৰি পলাই গল পিতৃ। কণমাণি দুটিক এনেদৰে এৰি থৈ যোৱা একমাত্ৰ কাৰনটো হল শেহতীয়াকৈ চৰম দৰিদ্ৰতাই আগুৰি ধৰিছে পৰিয়ালটোক।বিগত প্ৰায় ৩মাহ ধৰি দৰমহা নোপোৱা পিতৃয়ে অৱশেষত গ্ৰহণ কৰিছিল এই চৰম সিদ্ধান্ত।

কণমাণি দুটিক স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে শিশু দুটিক উদ্ধাৰ কৰি লৈ আহে আৰু পাছত তদন্তত পৰিয়ালৰ লোকক বিচাৰি শিশুদুটিক চমজাই দিয়ে। আৰক্ষীয়ে সদৰি কৰা মতে, শিশুদুটিৰ পিতৃৰ নাম নৰেশ। উত্তৰ-পূব দিল্লীৰ গংগা বিহাৰত বাস কৰা নৰেশে বিগত ৩টা মাহ ধৰি পোৱা নাই দৰমহা।

কৰ্তৃপক্ষক সকলো কৈছিল যদিও কোনো সুফল পোৱা নাছিল নৰেশে। অৱশেষত ভোকত কান্দি থকা দুই সন্তানক এৰি থৈ আহিছিল ৰাস্তাত। উল্লেখ্য যে, নৰেশ এটা হাইচিম চচায়িটীৰ ক্লাৰ্ক ৰূপে কৰ্মৰত।