বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক...
বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক... 
মুখ্য-পৃষ্ঠা

বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃনগাঁও জিলাৰ বটদ্ৰৱাৰ পৰা পুনৰ গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধিঙৰ ধূপগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়াটো।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াটোৰ নাম আছিকুল ইছলাম। উল্লেখ্য যে বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সম্প্ৰীতি হাজৰিকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চলাইছিল এই অভিযান।

ধৃত ড্ৰাগছ মাফিয়াটোৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে নগদ ধন,মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।