মুখ্য-পৃষ্ঠা

ড্ৰাগছৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ ভাৱে যুঁজ দিবলৈ বিধায়ক ৰূপক শৰ্মা আহ্বান…

asomiyapratidin

ডিজিটেল সংবাদ ,নগাঁওঃ ড্ৰাগছ তথা নিচাযুক্ত ঔষধ এক সামাজিক ব্যাধি ৷ ইয়াৰ ব্যৱহাৰে আমাৰ সমাজখনক অস্থিৰ কৰি তোলে । সেয়ে আমাৰ সমাজখনক নিচাযুক্ত ঔষধৰ কবলৰ পৰা মুক্ত কৰিব লাগিব ৷ ইয়াৰ বাবে আমি সকলোৱে মিলি ঐকবদ্ধ ভাবে যুঁজ দিব লাগিব ৷ " এই বক্তব্য নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ৷

শুক্ৰবাৰে নগাঁৱৰ নেহেৰুৱালিত সামাজিক ,সাংস্কৃতিক যুৱ সংগঠন "উদ্যমৰ"উদ্যোগত আয়োজিত ড্ৰাগছ বিৰোধী ৰেলীত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই লগতে কয়- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবৰ বাৱে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে । ৰাজ্যখনৰ লগতে নগাঁও জিলাতো বৃহৎ পৰিষৰৰ নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

নিচাযুক্ত ঔষধৰ ব্যৱহাৰে যুৱ প্ৰজন্মক কেনেদৰে ক্ষতি কৰে সেই বিষয়ে উল্লেখ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে – চৰকাৰ তথা আৰক্ষীয়ে নিচাযুক্ত ঔষধৰ সৰবৰাহ আৰু প্ৰচলনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিব ৷কিন্তু ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ বাৱে ৰাইজৰ লগতে স্বেচ্ছাসেৱী সংগঠন আৰু বিশেষকৈ নৱপ্ৰজন্মৰ যুবক- যুৱতী ,ছাত্ৰছাত্ৰী সকল আগবাঢ়ি আহিব লাগিব ৷

অনুষ্ঠানত আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত কুমাৰ ভাগৱতী, খাগৰিজান মহাবিদ্যালয় অধ্যক্ষ ড° ৰমেশ নাথ, অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰা, সমাজসেবিকা অৰ্চনা তিৱাৰী , সাংবাদিক কনক হাজৰিকা,নিলোৎপল বৰা,নগাঁও জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা ,উদ্যমৰ সভাপতি মিংকু মহন্তৰ লগতে ময়ূৰী মহন্ত ,কল্যান শইকীয়া আদিয়ে অনুষ্ঠানত অংশগ্ৰহন কৰে ৷