মুখ্য-পৃষ্ঠা

ৰ’বটৰ জৰিয়তে লাইভ অস্ত্ৰোপচাৰ সফলতাৰে কৰি সমগ্ৰ বিশ্বতে চৰ্চিত অসমৰ বিশেষজ্ঞ চিকিৎসক, অধ্যাপক সুভাষ খান্না…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ চিকিৎসাৰ ক্ষেত্ৰখনত ডাঃ সুভাষ খান্না এটা চিনাকি নাম। নিত্য-নতুন তথ্য-প্ৰযুক্তিৰ সংযোজনেৰে চিকিৎসাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰা এই বিশিষ্ট চিকিৎসকগৰাকী পুনৰ চৰ্চালৈ আহিছে। ৰ'বটৰ জৰিয়তে লাইভ অস্ত্ৰোপচাৰ সফলতাৰে কৰি সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে বিশেষজ্ঞ চিকিৎসক, অধ্যাপক সুভাষ খান্নাই।

এই অস্ত্ৰোপচাৰ কৰি আমেৰিকা, ৰাছিয়া, স্পেইন, বাংলাদেশ আদি প্ৰায় ৬০ খন দেশৰ ২৫০ জন বিশেষজ্ঞ চিকিৎসকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ বিশেষজ্ঞ চিকিৎসকজন। শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা এখন ৱেবিনাৰত তেওঁ লাইভ অস্ত্ৰোপচাৰ কৰে। লগতে এই ৱেবিনাৰত অংশগ্ৰহণ কৰা ২৫০ জন বিশেষজ্ঞ চিকিৎসকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিয়ে তেওঁ।

এই সম্পৰ্কে বিশেষজ্ঞ চিকিৎসক সুভাষ খান্নাই কয় 'স্বাগত হাস্পতালত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে থকা প্ৰথমটো 'ভাৰ্চিয়াছ ৰবটৰ' জৰিয়তে মহিলাৰোগী এজনীৰ আজিৰ গোল্ড ব্লাডাৰৰ লাইভ অস্ত্ৰোপচাৰ কৰা হয়। আমি ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত এই ৰবট ক্ৰয় কৰোঁ। এই ৰবটৰ জৰিয়তে আমি এতিয়ালৈকে ১১২ টা অস্ত্ৰোপচাৰ সফলভাৱে কৰিবলৈ সক্ষম হৈছোঁ।

চিকিৎসকগৰাকীয়ে লগতে জনায় যে, এই ৰবটৰ জৰিয়তে তিনিৰ পৰা দহ মিটাৰ দূৰৰ পৰা অস্ত্ৰোপচাৰ কৰিব পৰাৰ সুবিধা আছে। সমগ্ৰ দেশত এনেকুৱা ১২ টা ৰবট আছে আৰু তাৰে প্ৰথমটো পুনে, দ্বিতীয়টো নাচিকৰ হাস্পতাল আৰু তৃতীয়টো গুৱাহাটীৰ স্বাগত হাস্পতালত আছে। কেম্বব্ৰীজ মেডিকেল ৰবটিস্ক, চাৰ্জিকেল ( চি এম আৰ ) কোম্পানীৰ পৰা এই ৰবটটো ভক্ৰয় কৰিছোঁ। যাৰ মূল্য হৈছে ২০ কৌটি টকা। ক'ভিডৰ এই জটিল পৰিস্থিতিৰ সময়ত এই ধৰণৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তাই ৰোগীক সকাহ দিবলৈ সক্ষম হৈছে।'