মুখ্য-পৃষ্ঠা

মহাপৰিনিৰ্বাণ দিৱসঃ দেশজুৰি স্মৰণ ড০ ভীমৰাও ৰামজী আম্বেদকাৰক…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে পালন কৰা হয় মহাপৰিনিৰ্বাণ দিৱস। ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যুৰ দিনটোকে প্ৰতি বছৰে মহাপৰিনিৰ্বাণ দিৱস হিচাপে ভাৰতত পালন কৰা হৈছে। উল্লেখ্য যে ১৯৫৬চনৰ ৬ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল ড০ আম্বেদকাৰে।

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে, উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুকে ধৰি বিভিন্ন জনে ড০ ভীমৰাও ৰামজী আম্বেদকাৰক স্মৰণ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখযোগ্য যে, তেওঁ আছিল কেন্দ্ৰীয় মন্ত্ৰী সভাত প্রথমগৰাকী আইন মন্ত্ৰী।