দৃষ্টিহীনৰ বাবে নেত্ৰদান কৰিলে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাঃ অমল কটকীয়ে...
দৃষ্টিহীনৰ বাবে নেত্ৰদান কৰিলে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাঃ অমল কটকীয়ে...  
মুখ্য-পৃষ্ঠা

দৃষ্টিহীনৰ বাবে নেত্ৰদান কৰিলে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ড০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকীৰ মহৎ প্ৰচেষ্টা। দৃষ্টিহীনৰ বাবে তেওঁ দান কৰিলে নিজৰ চকুজুৰি।

গুৱাহাটীস্থিত শংকৰদেৱ নেত্ৰালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডাঃ অমল কটকীয়ে আজি নেত্ৰদান কৰে। উল্লেখ্য যে, ভাৰতত প্ৰায় ২০ লাখ লোক দৃষ্টিহীন। এই দৃষ্টিহীন লোকসকলৰ সুবিধাৰ্থে নেত্ৰদান কৰাটো অতি প্ৰয়োজন হৈ পৰিছে।

উল্লেখ্য যে, মানুহৰ মৃত্যুৰ পিছতো দেহৰ বিভিন্ন অংগৰ লগতে চকুজুৰিও আন ব্যক্তিৰ দেহত সংৰোপণ কৰিব পাৰি। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানৱ দেহৰ অংগ সংৰোপণ অতি সহজ হৈ পৰিল।

মানুহে চিকিৎসা বিজ্ঞানৰ এই সুযোগ গ্ৰহণ কৰি মৃত্যুৰ পিছতো যাতে মানুহৰ দেহৰ অংগই আন ব্যক্তিৰ জীৱন সহজকৰি তোলে, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব পাৰে।

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকীয়ে দৃষ্টিহীনৰ বাবে তেওঁ নেত্ৰদান কৰি যি আদৰ্শ দেখুৱালে সেই আদৰ্শই নিশ্চিতভাৱে আন বহুতকে নেত্ৰদানৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে শংকৰদেৱ নেত্ৰালয়ে।