মুখ্য-পৃষ্ঠা

লক্ষ্য আৰক্ষীৰ চাকৰি,দৌলাশালত শতাধিক যুৱক- যুৱতীৰ কঠোৰ অনুশীলন…

asomiyapratidin

ডিজিটেল সংবাদ,চেঙা: নলবাৰী জিলাৰ দৌলাশালৰ এখন খেলপথাৰত অসম আৰক্ষী জিন্দাবাদ, ভাৰত মাতা কি জয় ধ্বনিৰে পুৱা-গধূলি মুখৰিত হৈ থাকে। এই খেলপথাৰখনলৈ স্বাভাৱিকতে আকৰ্ষণ বৃদ্ধি পাইছে অঞ্চলটোৰ যুৱক-যুৱতীৰ।লক্ষ্য অসম আৰক্ষীত সংস্থাপন আৰু ৰাজ্যৰ জনসাধাৰণৰ হিতাৰ্থে সেৱা আগবঢ়োৱা। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে চলিত বৰ্ষত এক লাখ নিবনুৱাক সংস্থাপন দিয়াৰ বাবে ঘোষণা কৰাৰ পিছতে অধিক ব্যস্ত হৈ পৰিছে এই খেলপথাৰখন।

 অসম আৰক্ষীৰ কনিষ্টবলত নিযুক্তিৰ বাবে বৰক্ষেত্ৰীৰ এজাক যুৱক-যুৱতীয়ে চলাইছে ব্যাপক প্ৰস্তুতি; ব্যস্ত হৈ পৰিছে কঠোৰ শাৰিৰীক অনুশীলনত। জনকল্যাণ ট্ৰাষ্টৰ উদ্যোগত আৰু দৌলাশাল ৰাইজৰ সহযোগত দৌলাশাল হাইস্কুল খেলপথাৰত বৰক্ষেত্ৰীৰ দৌলাশাল,  ৰামপুৰ, দমদমা,  গোৰাক্ষাট্টাৰী, বৰতলা, চান্দা, জয়সাগৰ, লাউপাৰা, চতেমাৰী আদি অঞ্চলৰ চাকৰি প্ৰত্যাশী শিক্ষিত যুৱক-যুৱতীয়ে দৈনিক পুৱা আৰু বিয়লি কঠোৰ শাৰিৰীক অনুশীলনত ব্যস্ত হৈ পৰিছে। দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ জোৱান ৰামৰাজ আৰু ধৰ্মেন্দ্ৰ প্ৰধানে দিছে শাৰিৰীক প্ৰশিক্ষণ।

 ভাৰত মাতা কি জয়, অসম আৰক্ষী জিন্দাবাদ আদি ধ্বনি দি শৰীৰ চৰ্চা কৰাৰ লগতে দৌৰ, লংজাম্পৰ অনুশীলনো অব্যাহত ৰাখিছে। শাৰিৰীক অনুশীলনৰ পিছতে এইসকল যুৱক-যুৱতীক লিখিত পৰীক্ষাৰ  প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক ৰবেন বৈশ্যই।