মুখ্য-পৃষ্ঠা

দৰঙত চিকিৎসাধীন হৈ থকা কোভিড আক্ৰান্তৰ সংখ্যা ২১ জনলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙত পুনৰ এজনৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। ব্যক্তিজন হ'ল মঙলদৈ চহৰৰ সমীপৰ গেলাইদিঙিস্থিত ৩৭ বি.এন এছ এছ বিত কৰ্মৰত গুলজাৰ মহম্মদ (৩৪)। সম্প্ৰতি তেওঁক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হৈছে।

এই ব্যক্তিজনক ধৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক'ভিড আক্ৰান্তৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পালে। উল্লেখ্য যে যোৱা ৩০ মে' ত জম্মু কাশ্মীৰৰ পৰা ৰেলযোগে দিল্লীলৈ আহিছিল গুলজাৰ। তাৰ পিছত ৩১ মে' ত বিমানযোগে আহি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত দুদিন সোণাপুৰ এছ এছ বি কেম্পত আছিল।

২ জুনত গেলাইদিঙিস্থিত কেম্পত উপস্থিত হৈছিল আৰু তেতিয়াৰে পৰা তাতেই কোৱাৰেণ্টাইন হৈ আছিল। স্মৰ্তব্য যে ৩১ মে' ত গুৱাহাটী বিমানবন্দৰতেই শ্লেষৰ নমুনা সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগৰ দলে।

ইফালে বহি:ৰাজ্যৰ পৰা অহা সকলো লোকৰ শ্লেষৰ নমুনা সংগ্ৰহ কৰি থকা হৈছে । বুধবাৰ পৰ্যন্ত দৰং জিলা স্বাস্থ্য বিভাগে ২০২৪ টা শ্লেষৰ নমুনা সংগ্ৰহ কৰি ক'ভিড-১৯ ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ইয়াৰে ১৫০২ টা নমুনাৰ প্ৰতিবেদন স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু ২০ টা নমুনাত ক'ভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে ।