মুখ্য-পৃষ্ঠা

নিশা মম বা চাকি জ্বলোৱাৰ পূৰ্বে সাৱধান! কৰি লওঁক এই কাম…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান অনুসৰি মম বা চাকি জ্বলোৱাৰ পূৰ্বে আপোনাৰ হাতখন ভালকৈ ধুই লওঁক। প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে ভিডিঅ'যোগে জনোৱা আহ্বানৰ পিছতে ৰাইজক সজাগ কৰি দিছে খোদ চৰকাৰে। অন্যথা বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। কিয়নো এলক'হলৰ দ্বাৰা প্ৰস্তুত কৰা ছেনিটাইজাৰ জুইৰ সংস্পৰ্শলৈ আহিলে জ্বলি উঠিব পাৰে।

ভাৰতীয় সেনাইও সকলো লোককে চাকি বা মম জ্বলোৱাৰ পূৰ্বে ভালদৰে চাবোনেৰে হাত ধুই লবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, কোৰোনা ভাইৰাছ ৰোধাৰ অৰ্থে সন্মীলিত প্ৰচেষ্টা প্ৰদৰ্শনৰ বাবে দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট অফ কৰি মম, চাকি বা মোবাইলৰ টৰ্চ জ্বলাবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শুকুৰবাৰে পুৱা ৯ বজাত প্ৰায় ১১ মিনিটৰ ভিডিঅ'যোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনোৱাৰ সময়ত সামাজিক দুৰত্ব বজাই ৰাখিবলৈও সকলোকে কৈছিল।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনোৱাৰ পিছতে পিআইবিৰ প্ৰিন্সিপাল ডাইৰেক্টৰ জেনেৰেল কেএছ ধাতৱালিয়াই এলক'হলেৰে নিৰ্মাণ কৰা ছেনিটাইজাৰ মম বা চাকি জ্বলোৱাৰ পূৰ্বে ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছিল। ইফালে একাংশ ৰাজনৈতিক নেতাইও সকলো লোককে মম বা চাকি জ্বলোৱাৰ পূৰ্বে হাত ভালদৰে ধুই লবলৈ আহ্বান জনাইছে। অসমৰ বিজেপি সভাপতি ৰঞ্জিৎ দাসেও সকলো লোককে হাত ভালদৰে ধুইহে মম বা চাকি জ্বলোৱাৰ বাবে আহ্বান জনাইছে।