মুখ্য-পৃষ্ঠা

আমেৰিকাত কোৰোনাই ল’ব প্ৰায় ২ লাখ লোকৰ প্ৰাণঃ ৰাষ্ট্ৰপতি ট্ৰাম্পেও কৰিলে এই আশংকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে সৰ্বাধিক কোৰোনাত আক্ৰান্ত হোৱা দেশ খন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। সোমবাৰৰ লৈকে দেশখনত প্ৰায় ১৪২,১৭৮ গৰাকীলোক আক্ৰান্ত হৈছে কোৰোনাত। এনে পৰিস্থিতিৰ মাজতে দেওবাৰে ট্ৰাম্পৰ ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী প্ৰশাসনীয় বিষয়াই দাবী আশংকা ব্যক্ত কৰিছে যে, শেহতীয়া পৰিস্থিতিলৈ চাই কোৰোনাই আমেৰিকাত ১ লাখৰ পৰা ২ লাখ লোকৰ প্ৰাণ লব। কেৱল এই বিষয়াগৰাকীয়েই নহয়, আমেৰিকাৰ এগৰাকী বিশেষজ্ঞও সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত মতপোষণ কৰিছে যে, আমেৰিকাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লব ১ লাখৰো অধিক লোকে।

দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও এই বিষয়ৰ সন্দৰ্ভতে সংবাদমেল সম্বোধন কৰি কয় যে, আগন্তুক দুটা সপ্তাহত আমেৰিকাত মৃতক সংখ্যা চৰম পৰ্যায়ত উপনীত হব। আৰু এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দুৰত্ব বজাই ৰাখিবলৈ টাম্প প্ৰশাসনে জাৰি কৰা নিৰ্দেশ ৩০ এপ্ৰিলৰ লৈকে বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, ১ জুনৰ লৈকে সকলো স্বাভাৱিক হৈ পৰিব। উল্লেখ্য যে, আমেৰিকাত সোমবাৰ পৰ্যন্ত কোৰোনাত প্ৰাণ গৈছে ২৪৮৪ গৰাকী লোকৰ।