মুখ্য-পৃষ্ঠা

দৌলাশালত বজাৰ উন্নয়ন আঁচনিৰ শুভ উদ্বোধন…

asomiyapratidin

ডিজিটেল সংবাদ চেঙাঃ কোৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধ কল্পে চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি স্থবিৰ হৈছে ৰাজ্যৰ উন্নয়নমূলক কাম । তাৰ মাজতে শুকুৰবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত দৈনিক চ'ক বজাৰ উন্নয়ন আঁচনিৰ এটি কামৰ শুভ উদ্বোধন কৰে দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়ে ।

৫৭ নং দৌলাশাল-লাৰকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত দৌলাশাল নতুন চ'ক বজাৰত চতুৰ্দ্দশ বিত্তীয় আয়োগৰ অধীনত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ দ্বিতীয় কিস্তিৰ ১০ লাখ টকা ব্যয় সাপেক্ষ ড্ৰেইন আৰু চি চি ব্লক কাৰ্পেটিঙৰ আঁচনিৰ শুভ উদ্বোধন কৰি দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়ে ভাষণ প্ৰসংগত দৌলাশালত আঠটা কামৰ বাবে প্ৰায় ৩৫ লক্ষাধিক টকা আৱন্টন দিয়া বুলি উল্লেখ কৰি প্ৰতিটো কামেই দৌলাশাল উন্নতি সাধিনী সভাক চোৱা- চিতা কৰাৰ বাবে আহ্বান জনায় ।

উদ্বোধনী অনুষ্ঠানত দৌলাশাল-লাৰকুছি গাঁও পঞ্চায়তৰ সচিব শম্ভুনাথ তালুকদাৰ , আঞ্চলিক সদস্যা প্ৰণিতা বৰ্মন , দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মন , সম্পাদক চন্দ্ৰকান্ত বৈশ্যকে ধৰি কেইবাগৰাকীও বিশিষ্টলোক উপস্থিত থাকে ।