মুখ্য-পৃষ্ঠা

ঢকুৱাখনা- ঘিলামৰা ৰাজ্যিক পথত দুৰ্ঘটনা : নিহত ১

asomiyapratidin

ঢকুৱাখনা- ঘিলামৰা ৰাজ্যিক পথত দুৰ্ঘটনা : নিহত ১

ডিজিটেল সংবাদ: ঢকুৱাখনা : ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঢকুৱাখনা- ঘিলামৰা সংযোগী ২৪নং ৰাজ্যিক ঘাই পথৰ জামুগুৰি তিনিআলি সমীপত বৃহস্পতিবাৰে পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী ব্যক্তিৰ অকাল মৃত্যু ঘটে । বৃহস্পতি বাৰে পুৱাই গোগামুখৰ পৰা এছ ০৭ জে ২৮৭৯ নম্বৰৰ এনফিল্ড বুলেট লৈ সোনাৰী চাপৰি বৰবাৰী অঞ্চলৰ দিব্য পেগুৱে(৩৫) য়ে পত্নী নিমা পেগু সহ স্বগৃহ অভিমুখে আহি আছিল। জামুগুৰি তিনিআলি পাৰ হৈ সামান্য কেঁকুৰীটোত আগে আগে গৈ থকা এখন ডাম্পাৰ অতিক্ৰম কৰিব লওঁতেই বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা এছ ০৩ বি চি ৫২৩৩ নম্বৰৰ এখন বলৰ" পিক আপৰ সৈতে সংঘৰ্ষ হয় বুলেটত অহা সপত্নীক দলেৰ।

পুৱা প্ৰায় ৬:৫০ বজাত সংঘটিত পথ দুৰ্ঘটনাৰ পাছত গুৰুতৰ ভাবে আঘাত পোৱা দিব্য পেগু আৰু পত্নী নিমা পেগুক ঢকুৱাখনা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পাছত জৰুৰী চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিয়াৰ সময়তে পথতে অকাল মৃত্যুক সাৱটি লয় দিব্য পেগুৱে। আনহাতে মৃত দিব্য পেগুৰ পত্নী নিমা পেগু বৰ্তমান অসম মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে। উদ্যমী আৰু সংস্কাৰী যুৱক দিব্যৰ অকাল বিয়োগত শোকৰ ছাঁ পৰিছে সোনাৰী চাপৰি অঞ্চলত। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ পঞ্জীভূত হৈছে।