ছাত্র ছাত্ৰীৰ মাজত ছুৱেটাৰ বিতৰণ
ছাত্র ছাত্ৰীৰ মাজত ছুৱেটাৰ বিতৰণ 
মুখ্য-পৃষ্ঠা

লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে ছাত্র ছাত্ৰীৰ মাজত ছুৱেটাৰ বিতৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ প্ৰশংসনীয় পদক্ষেপ। অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহা বিশ্বনাথ জিলাৰ কৰ্মদক্ষ আৰক্ষী অধীক্ষক নবীন সিঙে দেওবাৰে গহপুৰ মহকুমাৰ এটা অতি ভিতৰুৱা অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ৬০ গৰাকী কণ কণ ছাত্র ছাত্ৰীৰ মাজত নিজাববীয়াকৈ ছুৱেটাৰ বিতৰণ কৰি সামাজিক দায়বদ্ধতাৰ এক ইতিবাচক পৰিচয় ডাঙি ধৰে।

মহকুমাটোৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাঙলীয়াল গাঁও পঞ্চায়তৰ এলেকাধীন থান ভোলাগুৰীৰ শ্ৰীশ্ৰী ভোলা মন্দিৰ প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্ৰী সকলৰ মাজত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ছুৱেটাৰ বিতৰণ কৰাৰ কথা উল্লেখ কৰি আৰক্ষী অধীক্ষক নবীন সিঙে ছাত্র-ছাত্ৰী সকলক মহাবীৰ লাচিতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশ আৰু জাতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি যাবলৈ আহ্বান জনায়।

"দেশতকৈ মোমাই ডাঙৰ নহয় বুলি" কৈ একে ৰাতিতে মোগলক ভেটিবলৈ গঢ় বান্ধি জাতিৰ হকে যুজঁ দিয়া লাচিত বৰফুকনৰ ত্যাগ আৰু আদৰ্শৰ প্ৰতি নতুন প্ৰজন্মক উদ্বুদ্ধ হ'বলৈ আৰক্ষী অধীক্ষক নবীন সিঙে আহ্বান জনায়। আনহাতে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বিদ্যালয়খনে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক আৰক্ষী অধীক্ষক নবীন সিঙে আনুষ্ঠানিকভাৱে পুৰস্কাৰ বিতৰণ কৰে।

সেই অনুসৰি, ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত নিপেন বসুমতাৰী,দ্বিতীয় স্থান প্ৰাপ্ত ৰশ্মিতা স্বৰ্গীয়াৰী,যুটীয়া ভাবে তৃতীয় স্থান প্ৰাপ্ত গোবিন্দ ব্ৰহ্ম আৰু কিৰণ স্বৰ্গীয়াৰীৰ লগতে নিচকুণি পুৰস্কাৰ প্ৰাপ্ত সবিতা বসুমতাৰী, ম'হালী ব্ৰহ্ম আৰু নমিতা বড়োক অভিধান আৰু কিতাপেৰে পুৰস্কৃত কৰে আৰক্ষী অধীক্ষক নবীন সিঙে। উক্ত কাৰ্য্যসূচীত বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) অমিত কুমাৰ হোজাই, গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত উপস্থিত থাকে।

কণ কণ ছাত্র-ছাত্ৰী সকলৰ প্ৰতি আৰক্ষী অধীক্ষক নবীন সিঙে আগবঢ়োৱা মৰম-স্নেহক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক হৰেন স্বৰ্গীয়াৰী, সহকাৰী শিক্ষক উপেন হীৰা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নুৱেল ধানুৱাৰে।

আৰু পঢ়কঃ জুবিন গাৰ্গলৈ 'চুকাফা সাংস্কৃতিক সমন্বয় বঁটা'...