- ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত।
- এইপৰ্যন্ত ১০খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে।
- ১০ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ৮খন আসন
- ইফালে, নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে ২খন আসন।
- দিয়ুংব্ৰা সমষ্টিত বিজেপিৰ নৱজিত হোজাইৰ জয়লাভ।
- ল'ৱাৰ খাটঙত নাম্ৰথাং মাৰ, দিগাৰ সমষ্টিত বিজেপিৰ ছেমুৱেল চাংছনৰ জয়লাভ।
- ছেমখোৰত ৰাণু লাংথাছা, হাম্ৰি সমষ্টিত মনজিৎ নাইদিং, হাদিংমাত দেৱজিৎ বাথাৰী আৰু হাজাদিছাত বিজেপিৰ প্ৰজিত হোজাইৰ জয়লাভ।
- গুনজুং সমষ্টিত জয়ী বিজেপিৰ নজিত কেম্প্ৰাই।
- আনহাতে, দিহামলাই সমষ্টিত বিজয়ী নিৰ্দলীয় প্ৰাৰ্থী ৰাম গোলুম্বে জেমে আৰু দলং সমষ্টিত এছ টি জেম ৰাংখলৰ জয়লাভ।
- উল্লেখ্য যে, যোৱা ১৯ জানুৱাৰীত ডিমা হাছাওত অনুষ্ঠিত হৈছিল নিৰ্বাচন।
- মুঠ ৭০ শতাংশ ভোটদান হৈছিল ডিমা হাছাওত।
- ২৮খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন।