মুখ্য-পৃষ্ঠা

দুৰ্নীতিৰ তথ্য বিচাৰোতে দিলে ধনৰ টোপোলাঃ ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদত দুৰ্নীতিৰ নমুনা..

asomiyapratidin

ডিজিটেল ডেস্কঃ ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদত সংঘটিত হয় পাহাৰসম দুৰ্নীতি। আনহে নালাগে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সৰ্বশিক্ষা আঁচনিৰ অধীনত খোৱা পানী যোগানৰ নামতো কোটি কোটি টকা দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্বায়ত্ব শাসিত পৰিষদখনৰ হাফলং সমষ্টিৰ এম চি ডেনিয়েল লাংথাছাই।

উল্লেখযোগ্য যে ডিমা হাচাও জিলাত ১৯৮ খন প্ৰাথমিক বিদ্যালয়ৰ লকডাউনৰ সময়ত খোৱা পানী যোগানৰ বাবে এক আঁচনি ৰূপায়ন কৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিখন বিদ্যালয়ত খোৱা পানী যোগানৰ বাবে ৪.৫ লাখ টকাকৈ ব্যয় কৰা দেখুওৱা হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি ইমান বৃহৎ ধন খোৱা পানীৰ নামত ব্যয় কৰা দেখুৱালেও এক, ডেৰ লাখ টকাতেই এই ব্যৱস্থা কৰা হৈছে। তাতোকৈ ডাঙৰ কথা বহু বিদ্যালয়ত কাম আৰম্ভ নকৰাকৈয়ে আঁচনিৰ ধন মুকলাই নিয়াৰো অভিযোগ উঠিছে।

এই সন্দৰ্ভত এম চি ডেনিয়েল লাংথাছাই শিক্ষা বিভাগৰ পৰা তথ্য বিচাৰিছিল যদিও তেওঁক কোনো তথ্য যোগান ধৰা নহ'ল। শিক্ষা বিভাগৰ ই এম গৰাকীৰ নিৰ্দেশত আঁচনি সন্দৰ্ভত তথ্য নিদিয়াত তেওঁ বিষয়টো নিজাকৈ অনুসন্ধান আৰম্ভ কৰে।লগতে ২৭ জুলাই ২০২১ ৰ পৰা আৰম্ভ হোৱা পৰিষদৰ অধিবেশনত এই সন্দৰ্ভত এক লিখিত প্ৰশ্নও কৰে। তেতিয়াহে তেওঁক আঁচনিৰ নামত মুঠ ৮.৯১ কোটি টকা সৰ্বশিক্ষা মিছনৰ অধীনত অনুমোদন জনোৱাৰ কথা জনোৱা হয়।

পানী যোগানৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হোৱা ডেনিয়েল লাংথাছাক বিভাগটোৰে এজন বিষয়াক যোগাযোগ কৰি কিবা দিব আছে বুলি কোৱাত তথ্য দিব বুলি লাংথাছাই তেওঁৰ ব্যক্তিগত সহায়কগৰাকীক বিষয়াজনৰ কাষলৈ প্ৰেৰণ কৰে।তেওঁৰ এই ব্যক্তিগত সহায়কগৰাকীৰ হাততে বিষয়াগৰাকীয়ে ধনৰ টোপোলা প্ৰেৰণ কৰাত হাফলঙৰ এম চি গৰাকী আচৰিত হৈ পৰে।

পৰৱৰ্তী সময়ত তেওঁ ফেচবুক লাইভ যোগে প্ৰায় চাৰি কোটিৰো অধিক টকাৰ দুৰ্নীতি হোৱাৰ অভিযোগ তুলি তেওঁক উৎকোচ হিচাপে দিয়া ধনথিনি দুখীয়া লোকৰ মাজত বিতৰণ কৰে। লাংথাছাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণুজ পেগুক উপযুক্ত তদন্তৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।