মুখ্য-পৃষ্ঠা

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল সাজু হৈছে। তদুপৰি শাসক-বিৰোধীৰ মাজত অভিযোগ-প্ৰতিঅভিযোগো ব্যাহত আছে। এই সকলোবোৰৰ মাজত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ সৈতে সোমবাৰে সংঘটিত হয় এক অদ্ভূত ঘটনা।

দৰাচলতে, নিৰ্বাচনী প্ৰচাৰৰ বাবে ভুপালৰ বেৰসিয়াত উপস্থিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে উপস্থিত ৰাইজক প্ৰশ্ন কৰে যে- আপোনালোকৰ কাৰোবাৰ বেংক একাউণ্টত ১৫ লাখ টকা জমা হৈছে নেকি? দিগ্বিজয় সিঙে ৩-৪ বাৰকৈ এই প্ৰশ্নটো সোধাৰ পাছত এজন যুৱকে হাত দাঙি সেই ধন লাভ কৰা বুলি কয়।

তাৰপাছত ভুপালৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিগ্বিজয় সিঙে যুৱকজনক মঞ্চলৈ আহিবলৈ কয়। তেওঁ কয় যে- 'তুমি ইয়ালৈ আহা, নিজৰ একাউণ্ট নম্বৰটো লৈ আহিবা। তোমাৰ নাগৰিক অভিনন্দন কৰিম আহা।' কংগ্ৰেছ নেতীগৰাকীয়ে যুৱকজনক মতাৰ পাছত যুৱকজনো মঞ্চত উপস্থিত হয় আৰু ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কয়। যুৱকজনে মাইকটোৰ কাষলৈ অহাৰ লগে লগে কয়- 'মোডীজীয়ে ছাৰ্জিকেল ষ্ট্ৰাইক কৰাই সন্ত্ৰাসবাদীক মাৰিলে।' আৰু তাৰপাছত দলটোৰ আন এগৰাকী নেতাই যুৱকজনক মঞ্চৰ পৰা নমাই লৈ যায়।

উল্লেখ্য যে, ভুপাল লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দিগ্বিজয় সিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টিটোত দিগ্বিজয় সিঙৰ বেৰুদ্ধে নিৰ্বাচনী যুঁজত নামিব বিজেপি প্ৰাৰ্থী সাদ্ধী প্ৰজ্ঞা সিং ঠাকুৰ। অহা ২১ মে'ত উক্ত সমষ্টিটোত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব।