মুখ্য-পৃষ্ঠা

সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোনোবাই বাৰু ভাৱিছিল নে, ধুলি আৰু প্ৰদুষণৰ পৰা বাচিবলৈ কেতিয়াবা মাত্ৰ ব্যৱহাৰ কৰা মাস্কখন এদিন দেহৰ সাজ-পাৰৰ দৰেই অতিকৈ প্ৰয়োজনীয় হৈ পৰিব। কোনো লোকে নাভাৱিলেও কোৰোনাই প্ৰকোপত শেহতীয়াকৈ সকলোৱে মুখত নহলেও ডিঙিত অথবা জেপত এখন একোখনকৈ মাস্ক ৰখা হ'ল।

মানুহৰ জীৱনত মাস্কৰ চাহিদা বৃদ্ধিৰ লগে লগে এই মাস্কক লৈ ব্যৱসায়ৰ পৰিসৰ বহুতে বৃদ্ধি কৰিলে। কোনোবাই যদি সোণৰ মাস্ক বনাইছে কোনোবাই আকৌ মাস্ক আকৃতিৰ পৰঠা বনাই বিক্ৰী কৰিছে ৰেষ্ট্ৰুৰাত। এনেবোৰ চলি থাকোতেই শেহতীয়াকৈ বজাৰলৈ আহিছে হীৰাৰ মাস্ক।

হীৰা এই মাস্ক শেহতীয়াকৈ প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিছে গুজৰাটৰ চুৰাটৰ এগৰাকী গহণা ব্যৱসায়ীয়ে। সাধাৰণ এন-৯৫মাস্ৰ আৰু ৩প্লাই প্ৰটেকশ্যন মাস্কত হীৰা খচিত কৰি বিভিন্ন ডিজাইনৰে সজাই তোলা হৈছে মাস্ক। দীপক চৌকছী নামৰ ব্যৱসায়ীগৰাকীয়ে প্ৰস্তুত কৰা এনে মাস্কৰ ১ লাখৰ পৰা ৪লাখ টকা পৰ্যন্ত।