মুখ্য-পৃষ্ঠা

ধুবুৰী ‘বিশাল মাৰ্কেট’ত কাম কৰি থকা অৱস্থাতে শিশু শ্ৰমিকৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ দেওবাৰে ধুবুৰী চহৰত অৱস্থিত বিশাল মাৰ্কেটত কাম কৰি থকা অৱস্থাত হঠাৎ মৃত্যু হল এজন  শিশু শ্ৰমিকৰ ।চহৰখনত থকা  বিশাল মাৰ্কেটত কাম কৰি থকা অৱস্থাত জেল হক(১৫) নামৰ শ্ৰমিক জনৰ ওপৰত এখন লোৰ টেংকি পৰিছিল।

বিশাল মাৰ্কেটৰ কামত নিয়োজিত আছিল কিশোৰ জন।বিশাল মাৰ্কেটৰ কামত নিয়োজিত আছিল কিশোৰ জন।বিশাল মাৰ্কেটৰ কামত নিয়োজিত আছিল কিশোৰ জন।নৱ নিৰ্মিত বিশাল মাৰ্কেটখনৰ গ্ৰাউণ্ডত  মাটি খুন্দা কামত নিয়োজিত হৈছিল কিশোৰ শ্ৰমিক জন।

এনেদৰে দুজন মিস্ত্ৰীৰ সৈতে মাটি খুন্দা  কাম কৰি থাকোতে ভূমিস্খলন হয় আৰু গাতৰ কাষত থকা এখন লোৰ টেংকিখন গাতত কাম কৰি থকা জেল হকৰ ওপৰত পৰে।জেল হকৰ শৰীৰৰ ওপৰত লোৰ টেংকিখন পৰি যোৱাত কিশোৰ জন গুৰুত্বৰ ভাৱে আহত হয় । পিছে মাৰ্কেটৰ কামত নিয়োজিত  শ্ৰমিক সকলে শিশুক  উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ নিয়াৰ ব্যবস্থা কৰে যদিও বাটতে কিশোৰ জেল হকৰ মৃত্যু হয়।

নিহত জেল হকৰ ঘৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত চতলাৰপাৰ গাৱত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে,ধুবুৰীত নিৰ্মাণ কামকে ধৰি বিভিন্ন কাৰখানা, ইটা ভাটাতো  শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।