মুখ্য-পৃষ্ঠা

ধেমাজি সদৰ আৰক্ষী থানা নৱনিৰ্মিত ভৱন উদ্বোধন…

asomiyapratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ আৰক্ষী থানা সমূহৰ সৰ্বাঙ্গীণ উন্নয়ন অভিযান আচঁনি অধীনত নৱনিৰ্মিত ধেমাজি সদৰ আৰক্ষী থানাৰ ভৱনটি আনুষ্ঠানিকভাৱে শুকুবাৰে দুপৰীয়া ১২ বজাত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত , আৰক্ষী উপ- মহাপৰিদৰ্শক জিৎমল দলেয়ে ভাৰ্চুৱেলি আৰু ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁই ফিটাকাটি শুভ উদ্ধোধন কৰে ৷

এই উপলক্ষে আৰক্ষী থানাৰ সভাকক্ষত এখনি উদ্ধোধনী সভাও অনুষ্ঠিত হয় ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা উদ্ধোধনী সভাত ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁ আৰু ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগে ভাষনত কয় যে ১৯৪৮ চনতে স্হাপিত হোৱা ধেমাজি সদৰ আৰক্ষী থানাই বিগত দিনত ৰাইজৰ সহায়-সহযোগিতাৰে ইতিমধ্যে ৭৪ টা বছৰ অতিক্ৰম কৰা অন্তত আজি ধেমাজি বাসীয়ে এটি সবাংগ সু- সন্দৰ আৰক্ষী থানাৰ ভৱন পাবলৈ সক্ষম হোৱা উল্লেখ কৰি আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সু- সম্পৰ্কৰ অবিহনে অঞ্চলটোৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয় বুলি কয় ৷

সভাত বিশিষ্ট অতিথি হিচাপে বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন্দ্ৰ নাথ কোঁৱৰ , ধেমাজি বিক্ৰী ক'ৰ বিভাগৰ সহকাৰী আয়ুক্ত দিব্যৰঞ্জন বৰা ,অসম পুলিছ হাউচিং ক'ৰপৰেচনৰ সহকাৰী কাৰ্য্যবাহী অভিযন্ত্ৰা চামছেদ আলি , ধেমাজি চেৰ্ম্বাচ এণ্ড কৰ্মাচৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁই আৰু ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই উপস্থিত থাকে ৷ সভাত ধেমাজি চেৰ্ম্বাচ এণ্ড কৰ্মাচৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁইয়ে চেৰ্ম্বাচ এণ্ড কৰ্মাচৰ ফালৰ পৰা ধেমাজি সদৰ আৰক্ষী থানালৈ এটি ৰেফিজাৰেটৰ দান দিয়া কথা ঘোষনা কৰে ৷