মুখ্য-পৃষ্ঠা

ধেমাজিৰ বৰদলনিত কিশোৰীক যৌন নিযাতনঃ পিতৃক জেল হাজোলৈ প্ৰেৰণ…

asomiyapratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰদলনি বৰবাম দিহিঙ্গীয়া বালি গাঁৱত এটি বাৰ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন সংঘটিত হোৱা ঘটনাক লৈ নিজ পিতৃয়ে জেল হাজোতলৈ যাব লগীয়া হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ পৰা জানিব মতে গোগামুখ আৰক্ষী থানাত যোৱা ৩ আগষ্টত পত্নী জোনমনি চুতীয়াই স্বামী নিৰন চুতীয়াৰ বিৰুদ্ধে দিয়া অভিযোগৰ এজেহাৰ ভিত্তিত বুধবাৰে গোগামুখ আৰক্ষীয়ে লম্পট পিতৃ নিৰন চুতীয়াক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰে ৷