মুখ্য-পৃষ্ঠা

ধেমাজিত সুস্থ হ’ল প্ৰথমগৰাকী কোৰোনা ৰোগী, গামোছা পিন্ধাই বিদায় দিলে চিকিৎসালয়ৰ কৰ্তৃপক্ষই…

asomiyapratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাত এতিয়ালৈকে আক্ৰান্ত হোৱা ১৯ গৰাকী কোৰোনা ৰোগীৰ ভিতৰত পৰৰ্বতী দুটাকৈ পৰীক্ষাত নিগেটিভ ওলোৱাৰ ফলত মঙলবাৰে ধেমাজি অসামৰিক চিকিৎসালয় স্থিত কোভিড হস্পিতালৰ পৰা কপিল দাস নামৰ লোকজনক কৰণামুক্ত হোৱা বুলি ঘোষণা কৰি ঘৰলৈ যাবলৈ দিয়া হয়।

চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱা সময়ত ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগু , ধেমাজি জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ ,আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানোৱাট , অতিৰিক্ত উপায়ুক্ত দিপাংকৰ দাস, ধেমাজি জিলাৰ স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক ডাঃ ৰনিধৰ কাকতি , ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষ ডাঃ যোগেন দাস , জিলাৰ এন আৰ এইচ এমৰ প্ৰগ্ৰেম মেনেজাৰ এঞ্জেলিনাৰ চাংমাই সৈতে ধেমাজি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক , নাৰ্চ আৰু কৰ্মচাৰীসকলে গামোচা পিন্ধাই এটি উপহাৰ সৈতে ঘৰলৈ যাবলৈ বিদায় দিয়া কোভিড-১৯ ৰ পৰা সুস্থ হৈ উঠা কপিলৰ দাসৰ ঘৰ ধেমাজি জিলা চিলাপথাৰ অঞ্চলৰ অকাজানত৷

উল্লেখ্য যে হাৰিয়ানাৰ পৰা অহা যুৱকজনে প্ৰথমে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত কোৱাৰাইণ্টাইন কেন্দ্ৰত আছিল ৷ ইয়াৰ পিছত কভিড১৯ আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছত যোৱা ২৭ মে'ত ধেমাজি অসামৰিক চিকিৎসালয়ৰ কভিড-১৯ চিকিৎসালয়ত ৰখা হয় ৷ ইয়াৰ পিছত ৩০ মে'ত দুবাৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ অন্তত কৰণাৰ নিগেটিভ অহাত আৰোগ্য বুলি কতৃপক্ষই উদ্ধত'ম কত'পক্ষলৈ প্ৰেৰণ কৰে ৷ ৰিলিজ দিয়া কপিলক দাসক জিলা প্ৰশাসন আৰু চিকিৎসালয়ৰ কৰ্তিপক্ষই পৰা কোৰু'ণামুক্ত প্ৰমাণপত্ৰ প্ৰদান কৰে ৷