মুখ্য-পৃষ্ঠা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসনঃ নিৰ্বাচনী পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা…

asomiyapratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ আগুন্তুক বিধানসভা নিৰ্বাচনত ১১৩নং ধেমাজি বিধান সমষ্টিৰ বাবে নিযুক্ত হোৱা নিৰ্বাচনী পৰ্যবেক্ষক হৌলিয়ানলাল গ্যোটে সোমবাৰে দুপৰীয়া ধেমাজি আৱৰ্ত ভৱনত ধেমাজি জিলা উপায়ুক্ত ডা: জীৱন বি ৰ উপস্থিতিত বিভিন্ন কোষৰ বিষয়াসকলৰ পৰা নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়।

প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হ'ব লগা এইবাৰ নিৰ্বাচনত বিশেষভাৱে সক্ষম লোকসকলৰ লগতে ৮০ ৰ উৰ্দ্ধৰ ব্যক্তিসকলে পোষ্টেল বেলটৰ জড়িয়তে ভোটদান কৰিব পাৰিব। নিৰ্বাচনী পৰ্যবেক্ষক জনে এই বিষয়ে অধিক গুৰুত্ব প্ৰদান কৰি জিলা উপায়ুক্তৰ জৰিয়তে সংশ্লিষ্ট বিষয়াসকলক এই বিষয়ে প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰিছে।

সোমবাৰে অনুষ্ঠিত পৰ্যালোচনা সভাখনত ধেমাজি জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, জিলাৰ অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে সতীশ চন্দ্ৰ ঠাকুৰীয়া, উৎপল দলে, মহৰ্ষি কাশ্যপ, মিৰ্জানা হুছেইন আৰু নন্দিতা বৰুৱাৰ লগতে আন কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে |ইতিমধ্যে
নিৰ্বাচনৰ কামত নিযুক্ত বিষয়া, কৰ্মচাৰী আৰু গাড়ী চালক সকলেও এইবাৰ পোষ্টেল বেলটৰ জড়িয়তে ভোটদান কৰিব পাৰিব। ইতিপূৰ্বে তেওঁলোকৰ মাজত প্ৰয়োজনীয় আবেদনপত্ৰৰ প্ৰতিলিপি দিয়া ব্যৱস্থা কৰা হৈছে।

জিলা তথ্য ও জন সংযোগ বিষয়া দিব্যজ্যোতি শৰ্মাই প্ৰেছ বিবৃতিৰ জৰিয়তে নিৰ্বাচনৰ কামত নিযুক্ত গাড়ীচালক , হেণ্ডিমেনসকলক তেওঁলোকৰ মাজত ইতিমধ্যেই দিবলৈ দিয়া ফ'ৰ্ম ১২ ডি (পোষ্টেল বেলটৰ বাবে আবেদনপত্ৰ) খন পূৰন কৰি অহা ১৯ মাৰ্চৰ ভিতৰত উপায়ুক্তৰ কাৰ্যালয়ত জমা দিবৰ বাবে অতিৰিক্ত উপায়ুক্ত তথা পোষ্টেল বেলট কোষৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল দলেয়ে অনুৰোধ জনাইছে |