নৃত্য পৰিচালক আৰু নৃত্য শিল্পী সমাজ অসমৰ সহযোগত ব্যতিক্ৰমী কৰ্মশালাৰ উপলক্ষে দেওবাৰে ধেমাজিত সভা অনুষ্ঠিত…

নৃত্য পৰিচালক আৰু নৃত্য শিল্পী সমাজ অসমৰ সহযোগত ব্যতিক্ৰমী কৰ্মশালাৰ উপলক্ষে দেওবাৰে ধেমাজিত সভা অনুষ্ঠিত…

author-image
asomiyapratidin
New Update
নৃত্য পৰিচালক আৰু নৃত্য শিল্পী সমাজ অসমৰ সহযোগত ব্যতিক্ৰমী কৰ্মশালাৰ উপলক্ষে দেওবাৰে  ধেমাজিত সভা অনুষ্ঠিত…

ডিজিটেল সংবাদ, ধেমাজিঃ নৃত্য পৰিচালক আৰু নৃত্য শিল্পী সমাজ অসমৰ সহযোগত নৃত্য , অভিনয় ,ৰূপসজ্জা আৰু পোছাক আদিৰ ওপৰত অহা ১০ মাৰ্চ পৰা ২৬ মাৰ্চলৈকে ষোল্ল দিনীয়াকৈ গুৱাহাটীৰ কাহিলীপাৰা জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'ব লগা নৃত্য আৰু অভিনয়ৰ কৰ্মশালাৰ উপলক্ষে দেওবাৰে ধেমাজি সাহিত্য সভা ভৱনত এখনি সভা অনুষ্ঠিত হয়।

Advertisment

সভাৰ আৰম্ভণিতে জুবিন জাষ্টিনে বন্তি প্ৰজ্বলনেৰে সভাত উপস্থিত অতিথি সকলক আদৰণি জনোৱা পিছতেই সদৌ অসম কৰিয়'গ্ৰফাৰ এণ্ড ডেন্স এছোচিয়েশ্বনৰ সম্পাদক অসীম গগৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা সভাখনিৰ আতঁধৰে বিকি বৰ নীলে ৷

সভাত কৰিয়'গ্ৰাফাৰ এণ্ড ডেন্স এছোচিয়েশ্বন অসমৰ বিষয়ববীয়া ক্ৰমে প্ৰিন্স নৱ দাস , সঞ্জীৱ কিং ডেন্স , পাৰ্থ মেচ , সান্তুুমনি শৰ্মা ,ৰূপজ্যোতি বৰা (বাবা) , বাবুচা বিজয় দাস আৰু মধু গগৈয়ে উপস্থিত থাকি পোন প্ৰথম বাৰৰ বাবে অসমৰ ৮০ জন নৃত্য পৰিচালকৰ লগতে ৩০ জন চলচিত্ৰৰ গণ্য-মান্য ব্যক্তিৰ মিলিত প্ৰচেষ্টাৰে অনুষ্ঠিত কৰিবলৈ লোৱা এক ব্যতিক্ৰমী কৰ্মশালাৰ কাৰ্য্যসূচী আৰু নিয়মাৱলীৰ সম্পৰ্কে অৱগত কৰি বক্তব্য প্ৰদান কৰে ৷

এই ব্যতিক্ৰমী কৰ্মশালাৰ উদ্যোগতা সকলে ধেমাজি জিলাখনৰ গাম্যঅঞ্চলৰ বিভিন্ন স্হানৰ সাংস্কৃতিক দিশত আগবাঢ়ি যাব পৰা সম্ভাব্য নৃত্য – শিল্পী সকলক কেমেৰা , কৰিয়'গ্ৰাফী , নৃত্য , অভিনয় ইত্যাদি দিশত সুন্দৰকৈ আগবঢ়াই নিয়াও পৰিকল্পনা কৰা বিষয়ে ৰাইজক জনায় ৷

সভাত উপস্থিত থকা শিশু , ছাত্ৰ- ছাত্ৰী সকলৰ অভিভাৱক- অভিভাবিকা সকলেও উদ্যোগতা সকলক বিভিন্ন প্ৰশ্ন কৰি সুবিধা অসুবিধা সম্পৰ্কে অৱগত হয় । সভাৰ শেষত উদ্যোগতা সকলে দেওবাৰে সভাতেই ৫০ ত কৈ অধিক শিশু ,ছাত্ৰ- ছাত্ৰী আৰু যুৱক-যুৱতীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰাৰ এখনি তালিকা সংগ্ৰহ কৰে ৷