মুখ্য-পৃষ্ঠা

ধেমাজিত অঘটনঃ গাত তেল ঢালি মহিলাৰ আত্মজাহৰ চেষ্টা…

asomiyapratidin

ডিজিটেল সংবাদ: ঢকুৱাখনা: ভোগলীৰ উৎসৱমুখৰ পৰিবেশৰ মাজতে এক হৃদয় বিদাৰক ঘটনাই ভোগলীৰ উচাহত চেঁচা পানী পেলাইছে ধেমাজি জিলাৰ এখন গাঁওত।  ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ মধ্যস্থলত অৱস্থিত  বৰমুঠনি তিনিআলিত শুক্ৰবাৰে বিয়লি সংঘটিত হয় এক অঘটন।  অজ্ঞাত কাৰণত বৰমুঠনি তিনিআলিত চুমী চেতিয়া নামৰ  বিবাহিতা মহিলাই নিজৰ গৃহৰ ভিতৰত  গাত পেট্ৰল ঢালি আত্মজাহৰ চেষ্টা কৰে।  পাছত সমীপৰ ৰাইজে গৃহৰ ভিতৰত অস্বাভাৱিক ধোঁৱা দেখি  ভিতৰলৈ যোৱাৰ পাছত অগ্নিদগ্ধ মহিলা গৰাকীক প্ৰত্যক্ষ কৰে।

লগে লগে ওচৰৰ ৰাইজক খবৰ দিয়াত ৰাইজ আৰু স্বামী জান চেতিয়া আহি মহিলা গৰাকীৰ দেহৰ জুই নিৰ্বাপন  কৰি ঘিলামৰা সামূহিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে ক্ষীপ্ৰতাৰে নিয়ে। চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত উন্নত জৰুৰী চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।  প্রত্যক্ষদৰ্শীৰ মতে বৰমুঠনি   তিনিআলিত এখন ক্ষুদ্ৰ দোকান দি জীৱিকা নিৰ্বাহেৰে এখন সুখৰ সংসাৰ অতিবাহিত কৰি আছিল জান চেতিয়া আৰু পত্নী চুমী চেতিয়াই। দুটা সন্তানৰ মাতৃ চুমীয়ে শুক্ৰবাৰে  ঘৰৰ সমীপতে সমনীয়াৰ সতে স্বামী জান চেতিয়া  ব্যস্ত হৈ থকাৰ পৰৱৰ্তী সময়ত ঘৰলৈ মাতি আছিল পত্নীয়ে ।

কিন্তু পত্নীৰ কথালৈ গুৰুত্ব নিদি ঘৰলৈ নহাৰ বাবে এটি কন মানি শিশুৰ মাতৃত্ব বহন কৰি অহা চুমীয়ে কোলাৰ কেঁচুৱাটি নিলগাই থৈ আত্মজাহৰ ঘৃন্য চেষ্টা চলাই ।  ঘটনাৰ লগে লগে স্বামী জান চেতিয়া দৌৰি আহি ৰাইজৰ সহায়ত পত্নীৰ দেহৰ জুই নুমুৱাই চিকিৎসালয়লৈ আত্মীয়ৰ সহযোগিতাত প্ৰেৰণ কৰে ।  ইয়াৰ বিপৰীতে শৰীৰৰ প্ৰায় ৫০ শতাংশ অগ্নিদগ্ধ হোৱা চুমীৰ ভাষ্য অদ্যপি জানিব পৰা হোৱা নাই। ধেমাজি সদৰ থানাৰ নিৰপেক্ষ তদন্তই হে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আনিব ।