মুখ্য-পৃষ্ঠা

ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰৰ কোৰোনা আপডেট

asomiyapratidin

ডিজিটেল ডেস্কঃ

মঙলবাৰৰ ধেমাজিৰ কোৰোনা আপডেটঃ মঙলবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কৰা কোৰোনা টেষ্টৰ ৮০৫ ভিতৰত ৪৪ গৰাকীৰ দেহতে ক'ভিড পজিটিভ ধৰা পৰিছে৷ আজি চিনাক্ত হোৱা সকলৰ সৈতে ধেমাজি জিলাখনত ক'ভিড পজিটিভৰ সংখ্যা ৫৩৫ জনলৈ বৃদ্ধি পালে ৷ ইয়াৰে এজনক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰিছে।

মঙলবাৰৰ শিৱসাগৰৰ কোৰোনা আপডেটঃ শিৱসাগৰত আজিৰ দিনটোত ৫৮ গৰাকী কোভিডত আক্ৰান্ত হৈছে ৷ তদুপৰি বিপিন বৰা নামৰ এগৰাকী ব্যক্তি মৃত্যু হৈছে ৷ তেওঁৰ ঘৰ ডিমৌৰ কুশল পথত ৷ ৬০ বছৰীয়া বিপিন বৰা ডিব্ৰুগড় অসম মেডিকেল কলেজত মৃত্যু হয় ৷

মঙলবাৰৰ লখিমপুৰৰ কোৰোনা আপডেটঃ কোৰোনা সংক্ৰমণ অব্যাহত থকা লখিমপুৰত আজি পুনৰ এগৰাকী ব্যক্তিৰ কোৰোনাত মৃত্যু হয়৷ পেশাত শিক্ষক এই ব্যক্তিগৰাকী হ'ল পানীগাঁও থানাৰ অন্তৰ্গত বছাগাঁৱৰ ধৰ্মেশ্বৰ দাস (৫০)৷ বৃক্কৰ ৰোগতো আক্ৰান্ত শিক্ষকগৰাকীৰ দেহত যোৱা ২৮ এপ্ৰিলত কোৰোনা সংক্ৰমণ ধৰা পৰিছিল৷ পিচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা শিক্ষকগৰাকীৰ আজি পুৱা মৃত্যু হয়৷ এইলৈ জিলাখনত কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পালে৷ আনহাতে আজি লখিমপুৰত ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ৮৬ গৰাকী লোকৰ দেহত কোৰোনা সংক্ৰমণ ধৰা পৰাত জিলাখনত আক্ৰান্তৰ সংখ্যা হ'লগৈ ৬৯০৷