মুখ্য-পৃষ্ঠা

ধেমাজি বিদ্যুৎ বিভাগৰ কাৰ্য্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্য্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলাখনত বিদ্যুৎ নিয়মীয়াকৰণ ব্যৱস্থা কৰা, অপ্ৰয়োজনীয়ভাৱে বিদ্যুৎ কৰ্তনৰ ময়মতালি বন্ধ কৰা , বিদ্যুৎ সেৱা কৰ্মচাৰীয়ে গ্ৰাহকক কৰা দু-ব্যৱহাৰ বন্ধ কৰা , বিদ্যুৎতৰ বিল প্ৰস্তুত কৰোতে সংঘটিত হোৱা ব্যাপক অনিয়ম শীঘ্ৰেই বন্ধ কৰা, ধেমাজি বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ উপ-সমণ্ডলৰ অভিযন্তা দীপক বুঢ়া গোহাঁইয়ে গ্ৰাহকক কৰা দু-ব্যৱহাৰ বাবে শাস্তিমূলক বদলিৰ ব্যৱস্থা শীঘ্ৰেই গ্ৰহন কৰাৰ দাবীত শুকুৰবাৰে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ১ বজাৰলৈকে প্ৰায় এক ঘন্টাতকৈ অধিক সময় ধৰি জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলাৰ ডেৰ শতাধিক কৰ্মীয়ে হাতে-হাতে বেনাৰ পোষ্টাৰ, প্লে'কাৰ্ড লৈ ধেমাজি জিলা বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা ও প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰে৷


কাৰ্য্যসূচীৰ অন্তত সংগঠনৰ কৰ্মীসকলে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷অসম জতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই পৰিচালনাৰ কৰা প্ৰতিবাদী সভাৰ আঁত ধৰে সম্পাদক ত্ৰৈলোক্য তামুলীয়ে৷ প্ৰতিবাদী সভাত উপস্থিত থাকি বিজেপি চৰকাৰক সমালোচনা কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্বল চুতীয়াই বক্তব্যত নিৰ্বাচনৰ আগত বিজেপি দলৰ নেতা বিষয়-ববীয়া সকলে ফিতাহি মাৰি ২৪ ঘন্টাই ৰাইজক বিদ্যুৎ যোগান ধৰিম বুলি সভাই-সমিতিয়ে দিয়া প্ৰতিশ্ৰুতি এতিয়া সম্পূৰ্ণৰূপে অসাৰ প্ৰতিপ্ৰন্ন হৈছে বুলি উল্লেখ কৰে৷


সভাত ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া আৰু সম্পাদক ত্ৰৈলোক্য তামুলীয়ে বক্তব্যত ধেমাজি বিদ্যুৎ বিভাগৰ উপ-সমণ্ডল অভিযন্তা দীপক বুঢ়াগোহাঁইয়ে বিভাগটোত হৈ থকা দুৰ্নীতি আৰু ময়মতালিক তদন্ত কৰি শীঘ্ৰেই ধেমাজিৰ পৰা শাস্তিমূলক বদলি কৰিবলৈ দাবী জনায়৷ সভাত শ্ৰীপানী আঞ্চলিক সমিতিৰ সাধাৰন সম্পাদক ৰতন দেউৰীয়ে বক্তব্যত দেশৰ স্বাধীনতা ৭৫ বছৰ পিছতো শ্ৰীপানী , নিলখ ,চিচিবৰগাঁও , চিলাপথাৰ আদি বহত্তৰ অঞ্চলসমূৰ বহুকেইখন গাওঁতেই বিদ্যুৎ বিভাগৰ হেমাহি বাবেই বিদ্যুতৰ নোপোৱাকৈ বঞ্চিত হৈ আছে বুলি উল্লেখ কৰে৷
সভাত চিচিবৰগাঁও আঞ্চলিক সমিতিৰ মুকুন্দ বৰুৱা , চিলাপথাৰ আঞ্চলিকৰ বিজু দিহিঙীয়া ,বিতুল ৰাজগড় , জাতীয়তাবাদী মহিলা পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী পৰিস্মিতা চুতীয়া , কাৰ্যকৰী সভানেত্ৰী জ্যোতিৰূপা গগৈ ,সাধৰন সম্পাদিকা জয়শ্ৰী শইকীয়া, ধীৰেন দিহিঙীয়া,অনুপম চুতীয়া আৰু পূৰ্ণ দেউৰীয়ে বিদ্যুৎ বিভাগৰ অৰাজকতা সমালোচনা কৰি বক্তব্য প্ৰদান কৰে ৷ শেষত ধেমাজি জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ শক্তি মন্ত্ৰীলৈ এই সমস্যাসমূহ শীঘ্ৰেই ব্যৱস্থা গ্ৰহন কৰিবলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।