মুখ্য-পৃষ্ঠা

ঢকুৱাখনা বিজেপিৰ কলা দিৱস পালন…

asomiyapratidin

ডিজিটেল সংবাদ , ঢকুৱাখনা : ভাৰত বর্ষৰ তদানীন্তন  প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত  ১৯৭৫ চনৰ ২৫ জুনত অসাংবিধানিক আৰু অগণতান্ত্ৰিক ভাবে ঘোষণা কৰিছিল জৰুৰীকালীন অৱস্থাৰ । সংবিধান প্ৰদত্ত জন প্ৰতিনিধিত্বৰ অধিকাৰ অপব্যৱহাৰ কৰি দেশত   জাৰি কৰা এনে অহেতুক জৰুৰীকালীন অৱস্থাৰ প্ৰতিবাদ জনাই ভাৰতীয় জনতা পাৰ্টিয়ে এই বিশেষ দিনটো কলা দিৱস হিচাবে পালন কৰি আহিছে। ঢকুৱাখনা জিলা বিজেপিৰ উদ্যোগতো শনিবাৰে এই কলা দিৱস পালন কৰা হয় ।

ঢকুৱাখনা জিলা বিজেপিৰ কাৰ্য্যালয়ৰ পৰা   শনিবাৰে দুপৰীয়া এই সন্দৰ্ভত বাহিৰ কৰা হয় এক প্ৰতিবাদী সমদল । গেৰুৱা দলৰ পতাকা আৰু বেনাৰলৈ দুই শতাধিক দলীয় কাৰ্যকৰ্তাই নগৰৰ ৰাজপথেৰে নগৰ চাৰিআলি হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ  মূর্দাবাদ , কংগ্ৰেছ দল দেশ আৰু জনতাৰ শত্ৰু , বিজেপি জিন্দাবাদ আদি শ্লোগান দি পাছত নগৰৰ গান্ধী ময়দান প্রাংগনত  উপস্থিত হয় ।

পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী  গেৰুৱা দলে অনুষ্ঠিত কৰে এক প্ৰতিবাদী সভা। জিলা বিজেপিৰ সম্পাদক  হেমন্ত গগৈয়ে আঁত ধৰা সভাত জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , প্ৰবীণ শিক্ষাবিদ ভোলা গগৈয়ে বিষয়বস্তুৰ ওপৰত  চমু বক্তব্য আগবঢ়াই।

জিলা উপ সভাপতি প্ৰণৱ জ্যোতি দাস, মণ্ডল সভাপতি সুনীল দলে ,সম্পাদক বিষ্ণু দত্ত ,জিলা সম্পাদক মোহন দলে ,জিলা কোষাধ্যক্ষ সঞ্জীৱ গগৈ আৰু পৌৰ আয়ুক্ত সকলো উপস্থিত থকা  প্ৰতিবাদী সমদলকাৰী সকলে পাছত পুনৰ জিলা কাৰ্যালয়লৈ সমদল কৰি গৈ কলা দিৱসৰ সফল সামৰণি মাৰে ।