মুখ্য-পৃষ্ঠা

ঢকুৱাখনাৰ বাটচৰা মুখত অঘটন, পানীত পৰি কিশোৰৰ বিয়োগ…

asomiyapratidin

ডিজিটেল সংবাদ, , ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বাসুদেৱ বাটচৰা মুখত দেওবাৰে  সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।  জানিব পৰা  মতে  মৰনৈ অঞ্চলৰ কিলাকিলি গাঁওৰ প্ৰেম বৰা আৰু পাপৰি বৰাৰ প্ৰায় ১ বছৰ ৯ মহীয়া পুত্ৰ সন্তান নিকু মণি বৰাই ঘৰৰ সমীপত খেলি আছিল ।

দেওবাৰে  পুৱা প্ৰায় ৮-৩০ বজাত  খেলি থকা নিৰ্বোধ নিষ্পাপ কিশোৰ গৰাকী কিবা কাৰণত ঘৰৰ দাঁতিত থকা পানী ভৰ্তি এটা জলাশয়লৈ  যোৱা অৱস্থাতে অকস্মাত কিশোৰ গৰাকী পিছলি  পৰে। বহু সময়লৈ অভিভাৱকে বিচাৰি নাপায় উক্ত অংশত সন্ধান চলাই  মৃতদেহ উদ্ধাৰ কৰে।

এইসন্দৰ্ভত দুৰ্ভগীয়া অভিভাৱকে ঘিলামৰা থানাত খবৰ দিয়াত অচি চন্দন দাস আৰু উপ পৰিদর্শক হেমন্ত কোঁৱৰ ক্ষীপ্ৰতাৰে গৈ  মৃতদেহটো উদ্ধাৰ কৰি থানালৈ আনে ।

পাছত ঘিলামৰা থানাই মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।  পখিলা খেদাৰ বয়সৰ এগৰাকী নিৰ্বোধ  কিশোৰৰ এনে আকস্মিক, মৰ্মান্তিক বিয়োগৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ বন্যা বোৱাইছে ।