মুখ্য-পৃষ্ঠা

ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস পালন…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: এটা বিশেষ দিন শিশুৰ বাবে। সমগ্ৰ দেশৰ শিশুৱে আজি নিজৰ বাবে স্বাধীনভাৱে পাই কিছু আনন্দৰ মুহূৰ্ত। আৰু নিষ্পাপ শিশুবোৰৰ এই আনন্দ ফূৰ্তিৰ মুহূৰ্তবোৰেই পৃথিৱীখনৰ চাৰিওফালে দিয়ে নতুন পোহৰ। হয়, শিশু দিৱস। সমগ্র দেশজুৰি পণ্ডিত জৱাহৰলাল নেহৰুৰ স্মৃতিত উদযাপিত হয় শিশু দিৱস।

এই উপলক্ষে ঢকুৱাখনাৰো বিভিন্ন স্থানত আজি দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়। ঢকুৱাখনা চেন্টেল স্কুলত শিশু দিৱস উপলক্ষে পুৱা-জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনাই বিদ্যালয়ৰ প্ৰধান কেশৱ গগৈয়ে।

ইয়াৰ পিছতে বিদ্যালয়ৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰকাশ কৰা প্ৰাচীৰ পত্ৰিকা"ৰেইনবৌ"(Rainbow) উন্মোচন কৰে ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিধ্যালয়ৰ অধ্যক্ষা-কল্পনা গগৈয়ে। ইয়াৰ পিছতে বিদ্যালয়ৰ ৰংগমঞ্চত শিক্ষাৰ্থীসকলৰ মাজত-কবিতা আবৃত্তি, সংগীত আৰু নৃত্যৰ অনুষ্ঠান আয়োজন কৰা হয়।

ইফালে-ঢকুৱাখনাৰ শিশু বিদ্যালয় টুইংকল কীডছ'টো বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়। শিশু দিৱস উপলক্ষে-শিশু বিদ্যালয়খনতো-কবিতা আবৃত্তি, গীত,নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰা হয়।প্ৰতিযোগিতাবোৰৰ সঞ্চালনা কৰে ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিভাৱান ছাত্ৰ গৌৰাংগ চুতীয়াই। একেদৰে ঢকুৱাখনাৰ প্ৰতিখন চৰকাৰী বেচৰকাৰী বিদ্যালয়তো আজি ভিন্ন কায্যসূচীৰে পালন কৰা হয় শিশু দিৱস।।