মুখ্য-পৃষ্ঠা

মহাৰাষ্ট্ৰত কৃষকসকলে আত্মহত্যা কৰাটো শৰদ পাৱাৰৰ পাপঃ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অহা ২১ অক্টোবৰ, ২০১৯ত মহাৰাষ্ট্ৰত হ'ব বিধানসভানিৰ্বাচন। ইয়াক লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে নেতাসকল। তাৰমাজতেশনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীশৰদ পাদাৱৰৰ বিৰুদ্ধে উত্থাপন কৰিলে অভিযোগ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথাৰাজ্যখনৰো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কয় যে, ৰাজ্যত কৃষকসকলেআত্মহত্যা কৰাৰ বাবে দায়ী শৰদ পাৱাৰ আৰু তেওঁৰ দলৰ নেতাসকল। মহাৰাষ্ট্ৰৰমুখ্যমন্ত্ৰী ফাডনাভিছে অকোলা জিলাত এক নিৰ্বাচনী ৰেলীত অংশ লৈ কৰে মন্তব্য।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী ৰেলীত কয়- 'কৃষকসকলৰ আত্মহত্যা শৰদপাৱাৰ আৰু মহাৰাষ্ট্ৰত সেই সময়ত থকা তেওঁৰ চৰকাৰৰ বাবে হৈছিল। এয়া তেওঁলোকৰ পাপ।কৃষকসকলে তেওঁলোকৰ চৰকাৰৰ সময়তে আত্মহত্যা কৰিছিল আৰু সেই সময়চোৱাত এয়া বৃদ্ধি পাইছিল।'