road accident
road accident road accident
মুখ্য-পৃষ্ঠা

পৰীক্ষা দি ঘৰলৈ উভতাৰ সময়তে পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ছাত্ৰীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,চাংসাৰিঃ বুধাবাৰে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত দেওদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যু হয় এগৰাকী মহিলাৰ।

জানিব পৰা মতে, বাইহাটা চাৰিআলিৰ কৰৰাস্থিত কামৰূপা ছোৱালী কনিষ্ঠ মহাবিদ্যালয়ত পৰীক্ষা দি গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল মহিলা গৰাকী। অন্যহাতে মহিলা গৰাকী স্কুটী চলাই গুৱাহাটী অভিমুখে যাত্ৰা কৰি থকা সময়ত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেউদুৱাৰত অচিনাক্ত বাহনে মহতিয়াই পলায়ন কৰে।

উল্লেখ্য যে, দুৰ্ঘটনাত নিহত মহিলাগৰাকী গুৱাহাটী গান্ধীবস্তিৰ পল্লৱী শৰ্মা বুলি জানিব পৰা গৈছে।