মুখ্য-পৃষ্ঠা

পিছ পৰি ৰোৱা নাই মহিলা! এইবাৰ ডেলিভাৰী গাৰ্ল

asomiyapratidin

ডিজিটেল ডেস্কঃ সমাজত কেতবোৰ কাম কেৱল পুৰুষেই কৰিব পাৰে বুলি থকা ধাৰণা ভুল বুলি আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে মহিলাই৷ খেলজগতৰ পৰা শিক্ষা জগতলৈ সকলোতে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা মহিলা এইবাৰ বাইকত উঠি ঘৰে ঘৰে খাদ্য সামগ্ৰী ডেলিভাৰ কৰাত নিয়োজিত হৈছে৷

হোম ডেলিভাৰী কেৱল পুৰুষেহে কৰিব বুলি চলি অহা ধাৰণাক ভুলি বুলি প্ৰমাণ কৰি দেখুৱালে নাৰীয়ে৷ দুচকীয়া বাহনত গ্ৰাহকে বিচৰা খাদ্য ঘৰত গৈ ডেলিভাৰ কৰি অহাটো নিতান্তই কষ্টকৰ কাম৷ কিন্তু এই কামতো মহিলা পিছ পৰি নৰ'ল৷ ভাৰতৰ কেইবাখনো চহৰত ইতিমধ্যে ফুড ডেলিভাৰীত নিয়োজিত হৈছে মহিলা৷

পুনেত এই নতুন যুগৰ সূচনা কৰিছে ফুড ডেলিভাৰী সংস্থা 'চুইগ্গী'য়ে৷ প্ৰথম পৰ্যায়ত সংস্থাটোৱে ১০ গৰাকী মহিলা এগজিকিউটিভক নিয়োগ কৰিছে৷ কেৱল চুইগ্গীয়ে নহয়, এতিয়া 'ফুডপাণ্ডা', 'জোমেতো' আদি সংস্থাইও নিয়োগ কৰিছে মহিলা৷ আনহাতে পিছ পৰি ৰোৱা নাই 'উবেৰ ইটছ'ও৷ চণ্ডীগড়, কোচী, চেন্নাই, আহমেদাবাদ আদি চহৰত ডেলিভাৰী সংস্থাসমূহে মহিলাক নিয়োগ কৰি প্ৰমাণ কৰি দেখুৱাইছে যে মহিলা কোনো ক্ষেত্ৰতে কম নহয়৷

উল্লেখ্য যে, দেশৰ বিভিন্ন চহৰত চুইগ্গীৰ মুঠ ৯০ হাজাৰ ডেলিভাৰী এগজিকিউটিভ আছে৷ ইয়াৰ মাজত সদ্যহতে ১০ গৰাকী মহিলা কৰ্মী আছে৷ কিন্তু অহা এবছৰৰ ভিতৰত মহিলাৰ সংখ্যা নূন্যতম এহাজাৰ কৰাৰ পৰিকল্পনা কৰিছে সংস্থাটোৱে৷ সংস্থাটোৰ অধ্যক্ষ শচীন কোটাংগালে কয়, 'মহিলাসকল কোনো গুনেই পুৰুষতকৈ কম নহয়৷ সেয়া বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে৷ আমাৰ সংস্থাৰ জৰিয়তে যাতে মহিলাসকলক এক সন্মানজনক জীৱিকা প্ৰদান কৰিব পাৰি তাৰ বাবে আমি সদায় প্ৰয়াস কৰি আহিছো৷'