মুখ্য-পৃষ্ঠা

এইমছত ভয়ংকৰ অগ্নিকাণ্ডঃ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাই থকাৰ সময়তে প্ৰসূতীয়ে জন্ম দিলে সন্তান…

asomiyapratidin

ডিজিটেল ডেস্কঃ এইমছত শনিবাৰে সংঘটিত অগ্নিকাণ্ডৰ সময়তে এগৰাকী প্ৰসূতীয়ে জন্ম দিলে এটি নৱজাতক। এইমছৰ প্ৰথম আৰু দ্বিতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৰোগীসকলক প্ৰথমে স্থানান্তৰ কৰা হৈছিল সুৰক্ষিত স্থানলৈ। সেই সময়তে এগৰাকী প্ৰসূতীয়ে জন্ম দিয়ে নৱজাতকটি।

জানিব পৰা মতে, ৰোগীসকলক স্থানান্তৰ কৰা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত আছিল। জৰুৰীকালীন ইউনিটত অগ্নিনিৰ্বাপক বাহিনীয়ে চলাই আছিল সেই সময়ত জুই নিৰ্বাপনৰ চেষ্টা। নিশা জন্ম হোৱা এই নৱজাতকটিৰ স্বাস্থ্য বৰ্তমান সুস্থ বুলি জনাইছে চিকিৎসকে।