মুখ্য-পৃষ্ঠা

কেৱল বায়ু প্ৰদূষণে নহয়, পানী প্ৰদূষণতো প্ৰথম স্থানত ৰাজধানী চহৰ দিল্লী!

asomiyapratidin

ডিজিটেল ডেস্কঃ ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডৰ্ড চমুকৈ বিআইএছে দেশৰ ২০ ৰাজ্যতৰ চহৰসমূহত পানীৰ গুণমানৰ পৰীক্ষা এক ব্যক্তিগত গৱেষণাগাৰত কৰাৰ পাছত দিল্লীৰ পানী আটাইতকৈ বেছি প্ৰদূষিত বুলি সদৰী কৰে। দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা লোৱা খোৱাপানীৰ নমুনা পৰীক্ষা কৰাৰ পাছত এই পানী প্ৰদূষিত বুলি জনাই বিআইএছে।

এই প্ৰদূষিত পানীত টিডিএছ, পিএইচ, এলুমিনিয়াম, নাইট্ৰেটৰ লগতেই.কইলৰ দৰে বেক্টেৰিয়াৰ উপস্থিতি পোৱা গৈছে। দিল্লীৰ পাছতেই এই তালিকাত নাম আছেক্ৰমে কলকাতা, চেন্নাই, দেহড়াদুন আৰু জয়পুৰৰ। উল্লেখ্য যে, দিল্লীত পানী বিতৰণকৰাৰ দায়িত্ব দিল্লী জল ব'ৰ্ডৰ হাতত আছে।

ইফালে, এই পৰীক্ষাত আটাইতকৈ বিশুদ্ধ পানী মুম্বাইৰ বুলিও এই সমীক্ষাত প্ৰকাশ কৰা হৈছে। আৰু বিশুদ্ধ খোৱাপানীৰ এই তালিকাত মুম্বাইৰ পাছত আছে হায়দৰাবাদ, ভূৱনেশ্বৰ, ৰাঞ্চী, ৰায়পুৰ, অমৰাৱতী আৰু ছিমলাৰ নাম।

উল্লেখযোগ্য যে, মন্ত্ৰী ৰামবিলাস পাছৱানে স্পষ্ট কৰি দিয়ে যে,পানীৰ এই বিশুদ্ধতাক লৈ প্ৰস্তুত কৰা সমীক্ষাক লৈ যেন কোনো ৰাজনৈতিক মতামত নিদিয়ে।তেওঁৰ মন্ত্ৰালয়ত বহু স্থানৰ পৰা অনুৰোধ লাভ কৰিছিল যে পানীৰ শুদ্ধতাৰ পৰীক্ষাকৰিব লাগে। আৰু তাৰপাছত পানীৰ নমুনা লৈ এই পৰীক্ষা কৰা হৈছিল।