মুখ্য-পৃষ্ঠা

দিল্লী চৰকাৰ বনাম কেন্দ্ৰীয় চৰকাৰ গোচৰঃ দূৰ্গা পূজাৰ পিছতেই গঠন কৰিব ৩ জনীয়া বিচাৰপীঠ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰ আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ মাজত চলি থকা অধিকাৰ বিবাদৰ শুনানি মঙ্গলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভ ৰমনাই এই গোচৰৰ শুনানি গ্ৰহণ কৰে। এই শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে এই গোচৰটো সমাধানৰ বাবে এখন ৩ জনীয়া বিচাৰপীঠ গঠন কৰা হ'ব।

দূৰ্গা পূজাৰ বন্ধৰ পিছতেই এই গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে ৩ জনীয়া বিচাৰপীঠ গঠন কৰা হ'ব। মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ত দিল্লী চৰকাৰৰ পৰামৰ্শদাতা ৰাহুল মেহৰা উপস্থিত থকাৰ লগতে তেওঁৱেই চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰে।