মুখ্য-পৃষ্ঠা

দিল্লী বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব গুৰুজনাৰ নামত আসন, গঢ়ি তোলা হ'ব গৱেষণা কেন্দ্ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : অচিৰেই দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠা হ'ব এখন আসন । ইয়াৰ সৈতেই এটি গৱেষণা কেন্দ্ৰও গঢ়ি তোলা হ'ব বিশ্ববিদ্যালয় খনত । এই ঘোষণা কৰে অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে ।

বৃহস্পতিবাৰে অসম বিধানসভাত ৩০১ নং নিয়মৰ অধীনত বিজেপিৰে বিধায়ক বিশ্বজিৎ ফুকনে মাধৱ কন্দলিৰ ৰামায়ণ সন্দৰ্ভত উত্থাপন কৰা এক বিষয়ৰ উত্তৰ দিবলৈ গৈ শিক্ষামন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে ।     

শিক্ষামন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি, দিল্লী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ বাবে শীঘ্ৰেই অসম চৰকাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক চুক্তি কৰিব ।

উল্লেখ্য যে, এই গৱেষণা কেন্দ্ৰৰ জৰিয়তে অসমৰ প্ৰাচীন সাহিত্য, ৰামায়ণী সাহিত্য আদি বিশ্ব দৰবাৰত প্ৰচাৰ চলোৱাৰ ব্যৱস্থা কৰা হ'ব ।

এই ঘোষণাৰ পূৰ্বে বিধায়ক বিশ্বজিৎ ফুকনে মাধৱ কন্দলিয়ে লিখা সপ্তস্কন্ধ ৰামায়ণখন ভাৰতত উপেক্ষিত হৈ থাকে বুলি সদনক জনায় । তেওঁ কয় যে, অসম চৰকাৰে ৪০০ বছৰ পিচত লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰিছে, ঠিক তেনেদৰেই মাধৱ কন্দলিৰ সপ্তস্কন্ধ ৰামায়ণখনৰো প্ৰচাৰ চলোৱাৰ ব্যৱস্থা কৰিব লাগে ।