মুখ্য-পৃষ্ঠা

দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ পৰিকল্পনা আছে নেকি, তেন্তে পঢ়ক এই খবৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ মাজতে শনিবাৰৰ পৰা আৰম্ভ হ'ল দিল্লী বিশ্ববিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ স্নাতক, পিএইচডি, এমফিলৰ লগতে স্নাতকোত্তৰ বিষয় সমূহত পঞ্জীয়ন প্ৰক্ৰিয়া৷ কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূৰ্বতকৈ পলমকৈ আৰম্ভ হৈছে নামভৰ্তিৰ প্ৰক্ৰিয়া৷ বিগত বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো ৩০ মে'ৰ পৰা আৰম্ভ হৈ ২২ জুনত সমাপ্ত হৈছিল৷ ২৮ জুনত বিগত বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ে ঘোষণা কৰিছিল প্ৰথমখন কাট অফ মাৰ্কৰ তালিকা৷

২০২০ -২১ শিক্ষাবৰ্ষৰ বাব শনিবাৰৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে ৱেৱছাইটত ৪ জুলাইলৈ পঞ্জীয়ন কৰিব পাৰিব৷ যিহেতু চিবিএছইৰ ১২ টাকৈ বিষয়ৰ পৰীক্ষা এতিয়াও বাকী আছে আৰু সেইসমূহ জুলাইৰ ১ ৰ পৰা ১৫ তাৰিখৰ ভিতৰত অনুষ্টিত হোৱাৰ কথা।

গতিকে ছাত্ৰ-ছাত্ৰীসকলে চিবিএছইৰ ফলাফল প্ৰকাশ হোৱাৰ পৰা ১০ দিন সময় নিজৰ মাৰ্কশ্বীট দিল্লী বিশ্ববিদ্যালয়ৰ ৱেৱছাইটত "আপলোড'' কৰিব পাৰিব৷ মাৰ্কশ্বীটসমূহ আপলোড কৰাৰ এসসপ্তাহ সময়ৰ ভিতৰতেই দিল্লী বিশ্ববিদ্যালয়ে প্ৰথমখন কাট অফ মাৰ্কৰ তালিকা প্ৰকাশ কৰিব৷