মুখ্য-পৃষ্ঠা

বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে দিল্লীৰ সকলো ষ্ট্ৰং ৰুমৰ বাহিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

asomiyapratidin

ডিজিটেল ডেস্কঃ ১১ ফেব্ৰুৱাৰীত দিল্লীত বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৮ ফেব্ৰুৱাৰীত সম্পন্ন হয় দেশৰ ৰাজধানী দিল্লীত ভোটগ্ৰহণ। ইতিমধ্যে এগজিট প'লত আম আদমি পাৰ্টি জয়ী হোৱাৰ কথা প্ৰকাশ পাইছে।

ভোটগণনাৰ পূৰ্বে সকলো স্থানতে ষ্ট্ৰং ৰুমৰ বাহিৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। নিশাৰ ভাগত মোটায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী। ইভিএম সমূহ নিৰাপদ কৰি ৰাখিবলৈ যাৱতীয় সকলো ব্যৱস্থা লৈছে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে।