মুখ্য-পৃষ্ঠা

প্ৰদূষণ ৰোধ কৰাত ব্যৰ্থ দিল্লী চৰকাৰ, ভৰিব লাগিব ২৫ কোটি টকা জৰিমনা

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজধানী চহৰ দিল্লীত দিনকদিনে বৃদ্ধি পোৱা প্ৰদূষণ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে চৰকাৰক ২৫ কোটি টকা জৰিমনা আদায় দিবলৈ নিৰ্দেশ জনায়।

এই ধন দিল্লী চৰকাৰৰ বিষয়াৰ দৰমহা তথা পিপিএল পলিউশ্যন এনভাইৰ'মেন্টৰ পৰা লোৱা হ'ব। এই নিৰ্দেশ অনুসৰি, যদি এই ধন পৰিশোধ কৰাত দিল্লী চৰকাৰ ব্যৰ্থ হয় তেন্তে প্ৰতিমাহে ১০ কোটি টকাকৈ জৰিমনা ভৰিব লাগিব।