মুখ্য-পৃষ্ঠা

কানাডাৰ ভাৰতীয় মূলৰ লোকক ফোন যোগে ভাবুকি দি ধন আদায়! দিল্লীৰ কল চেন্টাৰত আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ৩০ জন

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিম দিল্লীৰ মোটী নগৰ আৰক্ষীয়ে দেওবাৰে এটা কল চেন্টাৰত অভিযান চলাই ৩০ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত লোক কেইজনে কানাডাত থকা ভাৰতীয় মূলৰ লোকসকলক ভাবুকি প্ৰদান কৰি ধন সৰকাই আহিছিল। আৰক্ষীয়ে এই সন্দৰ্ভত এক অভিযোগ লাভ কৰাৰ পিছতে কল চেন্টাৰটোত কৰ্মৰত লোক কেইজনক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, দিল্লীৰ মোটী নগৰস্থিত এই কল চেন্টাৰটোৰ পৰা কানাডাত বাস কৰি থকা ভাৰতীয় মূলৰ লোকসকলক ফোন কৰি ভাবুকি প্ৰদান কৰি আহিছিল আৰু বিনিময়ত তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় লৈ আহিছিল। কল চেন্টাৰটোৱে কানাডা আৰক্ষী কিম্বা ভাৰতীয় সংস্থাৰ নাম লৈ এনেদৰে কল কৰি ভাবুকি প্ৰদান কৰি আহিছিল।

শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে এই কল চেন্টাৰটোৰ বিৰুদ্ধে অভিযোগ লাভ কৰাৰ পিছতে দেওবাৰে পুৱা অভিযান চলায় আৰু কল চেন্টাৰটোত কৰ্মৰত ৩০ জন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।